Your Voice, Our Strength

মুখ্যমন্ত্ৰী গৰাকীৰ ঘোষণা, পুনৰ চাকৰিত যোগ দিব পাৰিব অৱসৰপ্ৰাপ্ত ASI সকলে ।

১০টাকৈ কামাণ্ডো বেটেলিয়নৰ ফ’ৰ্চ অসমত কৰা হ'ব মোতায়েন

আজিৰ খবৰ,১৪ জুলাই : অসম আৰক্ষীৰ সংস্কাৰ আৰু আধুনিকীকৰণক লৈ

চৰ্চা হৈ থকাৰ সময়তে আজি অসম বিধানসভাত আৰক্ষীৰ আধুনিকীকৰণক লৈ বহু গুৰুত্বপূৰ্ণ কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।৬০-৬৫ বছৰৰ বয়সৰ অৱসৰপ্ৰাপ্ত ASI সকলক পুনৰ চাকৰিলৈ আনিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ কথা

P&C

উল্লেখ কৰে । মুখ্যমন্ত্ৰী কয় ASI HOKO সকলে গোচৰবোৰৰ তদন্ত কৰি অভিযোগনামা দাখিলৰ কাম কৰিব।’’লগতে কয় আৰক্ষীৰ অপাৰেচন উয়িং বেলেগ হ’ব ৷ আইন-শৃংখলাৰৰ উয়িংটো বেলেগ হ’ব। মৈত্ৰী আঁচনিৰে ৩১৯খন আৰক্ষী থানাকেই সজাই তোলা হ’ব।’’ অন্যহাতে ‘অসমত ১০টা কামাণ্ডো বেটেলিয়নৰ ফ’ৰ্চ অনা হ’ব। বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয় দুৰ্গম অঞ্চলত যাব এই কামাণ্ডো বেটেলিয়ানৰ দল। বিশেষকৈ সীমান্ত অঞ্চলত মোতায়েন কৰা হ’ব এই কামাণ্ডো বেটেলিয়নসকলক । সদনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় সকলো এছ আইয়ে সকলো পেণ্ডিং কেচৰ শ্বাৰ্জশ্বিট দিব লাগে। দিছপূৰ থানাত ১৩,০০০ গোচৰ পৰি আছে, তাৰে ৪ হাজাৰ কেচ দল-সংগঠনৰ। আৰক্ষীৰ ডিউটি ৮ৰ সলনি ৫ ঘণ্টা কৰা হ’ব। লগতে অহা ডেৰ বছৰত এয়া সম্পন্ন হ’ব বুলিও সদৰি কৰে । ইফালে ’সকলো বেটেলিয়নৰ জোৱানৰ এমাহ চুটি বাধ্যতামূলক বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় কোৱাৰ্টাৰত থকাসকলে পাব ১০ দিনৰ চুটি ।

You might also like