Your Voice, Our Strength

অখিল গগৈক অধ্যক্ষৰ ধমক। সদন পৰা বহিস্কাৰৰ হুমকি অধ্যক্ষৰ

সদনৰ নিয়ম উলংঘা কৰাৰ অভিযোগ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ

আজিৰ খবৰ,১৪জুলাই : আজি বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থটো দিন । এই চতুৰ্থটো দিনটোতো অখিল গগৈয়ে নিজৰ মুখ বন্ধ কৰা নাই। যাৰ ফলত সদনৰ পৰা বহিষ্কাৰ হুমকি প্ৰদান কৰিবলৈ বাধ্য হৈছে অধ্যক্ষ । অখিল গগৈয়ে বাৰে বাৰে সদনৰ নিয়ম উলংঘা কৰিছে বুলিও অভিযোগ তুলিছে অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ। উল্লেখ্য যে

ম্যানমাৰৰ পৰা ছুপাৰী হাউলীলৈ আহে বুলি সদনত উল্লেখ কৰিছিল আব্দুৰ ৰহিম আহমেদ। সেই সময়তে ম্যানমাৰৰ ছুপাৰী প্ৰসংগৰ মাজতে প্ৰশ্ন উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰৰ বিধায়ক অখিলৰ এই কাৰ্যতে ক্ষুব্ধ হৈ উঠি অধ্যক্ষ দৈমাৰীয়ে বহিষ্কাৰৰ ধমকি দিয়ে। অখিল গগৈয়ে প্ৰশ্ন কৰোঁতেই অখিল গগৈক ধমক দিয়ে অধ্যক্ষই ।বিধায়ক অখিল গগৈক অধ্যক্ষই ধমক। দি কয় এনেকৈ সদন নচলে৷যিকোনো সময়তে সদনত কিয় মাত মাতে? এনেকৈ সদনত মাত মাতিলে মই সদন চলোৱাৰ বাবে কঠোৰ পদক্ষেপ হিচাপে সদনৰ পৰা বহিষ্কাৰ কৰিবলৈ বাধ্য হ’ম।

P&C

You might also like