Your Voice, Our Strength

জ্বৰ কাঁহ হ’লে ক’ভিড পৰীক্ষা নকৰোৱাকৈ ৰোগীক ঔষধ নিদিবলৈ চিকিৎসকক আহ্বান ।

এই নিৰ্দেশনা যোৰহাট জিলা স্বাস্থ্য বিভাগৰ

আজিৰ খবৰ,১৪ জুলাই : যোৰহাট জিলাত ক’ভিডৰ গণ-সংক্ৰমণ একাংশ লোকৰ ক’ভিড টেষ্টৰ প্ৰতি থকা অহেতুক ভয় আৰু একাংশ ব্যক্তিগতভাবে চেম্বাৰত চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসকে ক’ভিড পৰীক্ষাৰ ৰিপৰ্ট নোহোৱাকৈ ঔষধৰ বিধান দিয়াটো অন্যতম কাৰণ হিচাপে চিহ্নিত কৰা হৈছে। যোৰহাট জিলা স্বাস্থ্য বিভাগৰ শেহতীয়া পৰ্যবেক্ষণত এই কথা পোহৰলৈ আহিছে। জিলাখনৰ বিভিন্ন ঠাইত বিভিন্ন জনে জ্বৰ কাঁহ আৰু ক’ভিডৰ সম্পূৰ্ণ লক্ষণ শৰীৰত লৈ ফুৰাৰ পাছতো ইচ্ছাকৃতভাৱে ক’ভিড পৰীক্ষা নকৰাই আৰু ঘৰতে নিজে দৰৱ কিনি আনি খাই ভাল হ’বলৈ চেষ্টা কৰে। এই সকল লোকক এনে চিকিৎসকে ঔষধ দিয়াৰ তথ্য লাভ কৰিছে জিলা স্বাস্থ্য বিভাগে। এনে কাৰণত বহু ৰোগী শেষ মুহূৰ্তত চিকিৎসকৰ ওচৰলৈ আহে যদিও মৃত্য মুখত পৰিবলগীয়া হয়৷ তদুপৰি, ইয়াৰ আগৰ সময়ছোৱা তেওঁ নিজৰ অজ্ঞাতে ক’ভিডৰ স্বয়ম্ভূ স্প্ৰেডাৰ হৈ সমাজলৈ বিষবাষ্প কঢ়িয়াই আনে। এই দুয়োটাই সম্প্ৰতি ক’ভিডৰ দ্ৰুত গণ সংক্ৰমণৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে। এনে কাৰণসমূহৰ প্ৰতি লক্ষ্য ৰাখি আজি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অমৃত শইকীয়াই এক নিৰ্দেশ যোগে জ্বৰ কাঁহ হৈ থকা কোনো লোককে ক’ভিড পৰীক্ষা নকৰাকৈ ঔষধ গ্ৰহণ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে ব্যক্তিগতভাবে চিকিৎসা কৰা চিকিৎসক সকলকো এনে লক্ষণ থকা লোকক ক’ভিড পৰীক্ষা নকৰাকৈ ঔষধৰ বিধান নিদিবলৈ আহ্বান জনাইছে। কোনো চিকিৎসকৰ ওচৰলৈ ক’ভিডৰ লক্ষণ থকা অথবা সন্দেহজনক ৰোগী আহিলে তাৎক্ষণিকভাৱে ওচৰৰ চিকিৎসালয় অথবা জিলা ক’ভিড নিয়ন্ত্ৰণ কোষৰ ০৩৭৬-২৩০০০৫৯ নম্বৰৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে যুটিয়া সঞ্চালক গৰাকীয়ে এনে লক্ষণ থকা সকলো ব্যক্তিকে জিলাখনৰ স্বাস্থ্য কেন্দ্ৰসমূহ আৰু যোৰহাট ষ্টেডিয়াম প্ৰাঙ্গণত চলি থকা ক’ভিড পৰীক্ষা কেন্দ্ৰত গৈ পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে৷

P&C
You might also like