Your Voice, Our Strength

কাকপথাৰ আৰক্ষীৰ পুৱাৰে পৰা ডাঙৰী বনাঞ্চলত অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান

৯ টাকৈ চুলাই ভাটী আৰু প্ৰায় ৯ হাজাৰ লিটাৰ অবৈধ চুলাই উচ্ছেদ কৰি ধ্বংস কৰে ৷

আজিৰ খবৰ, কাকপথাৰ, ১৫ জুলাই: ৰাজ্যত অব্যাহত আছে অবৈধ চুলাইৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান ৷ সমান্তৰালকৈ আজি পুৱাৰে পৰা কাকপথাৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে অবৈধ চুলাই বিৰুধী অভিযান ৷ গোপন সূত্ৰৰ পম খেদি কাকপথাৰ আৰক্ষীৰ এটা দলে ডুমডুমা বন সংমণ্ডল অধীনৰ কাকপথাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয় অন্তৰ্গত ডাঙৰী বনাঞ্চলৰ গভীৰ জংঘলত পুৱাৰে পৰা অবৈধ চুলাইৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷ এই পৰ্যন্ত আৰক্ষীয়ে প্ৰায় ৯ হাজাৰ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে ৯ টাকৈ অবৈধ চুলাই ভাটী উচ্ছেদ কৰি ধ্বংস কৰে ৷ আনহাতে চুলাই ব্যৱসায়ীয়ে আৰক্ষীৰ উমান পাই পলাবলৈ সক্ষম হয় ৷ আৰক্ষীৰ দলটোৱে আৱকাৰী বিভাগৰ লগতে বন বিভাগৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন কৰে ৷ এখন সংৰক্ষিত বনাঞ্চলত অসাধু ব্যৱসায়ীয়ে বন ধ্বংস কৰি এইদৰে বৃহৎ বৃহৎ চুলাই ভাটী স্থাপন কৰি মুকলিকৈ অবৈধ চুলাইৰ ব্যৱসায় ৰমৰমীয়াকৈ চলাই অহাৰ পিছতো কাকপথাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ে কিয় ব্যৱস্থা গ্ৰহন কৰা নাই লগতে যি সময়ত আৱকাৰী বিভাগে এক গুৰুত্বপূৰ্ণ ভূমিকা লব লাগিছিল তাৰ বীপৰিত হে দেখিবলৈ পোৱা গৈছে বুলি মন্তব্য কৰে আজিৰ এই চুলাই উচ্ছেদ কৰা আৰক্ষীৰ দলটোৱে ৷ পৰৱৰ্তী সময়তো কাকপথাৰ আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে ৷

P&C
You might also like