Your Voice, Our Strength

এখন গাৱৰ এজন দূৰ্ভগীয়া যুৱক।

আজি ছমাহ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ জীৱন মৃত্যুৰ যুজিছে।

আজিৰ খবৰ, ৰঙিয়া, ১৫ জুলাই :-

এখন গাৱৰ এজন দূৰ্ভগীয়া যুৱক।। যুৱক জনৰ নাম বিপুল কলিতা। ঘৰ ৰঙিয়াৰ ওচৰৰ নিজ ইচ্ছাদঘৰীয়া গাৱত। পেছাত দিন হাজিৰা কৰা ছমিন কলিতাৰ একমাত্ৰ পুত্ৰ বিপুল কলিতাই আজি ছমাহ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ জীৱন মৃত্যুৰ যুজিছে।।উল্লেখ্য যে বিপুল কলিতাই গুৱাহাটী বিৱৰুৱা কেঞ্চাৰ হস্পিতালত সুৰক্ষা কৰ্মী হিচাপে কৰ্মৰত আছিল। কিন্তু হঠাৎ এদিন তেওঁ কৰ্মস্থলীতে অসুস্থ হৈ পৰে।। পিছত ততাতৈয়াকৈ সতীৰ্থসকলে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়।। চিকিৎসালয়ৰ ICUত থকাৰ পিছতো বিপুল আৰু সুস্থ হৈ নুঠিল।। তেওঁৰ নিজৰ সম্পূৰ্ণ হিতাহিত জ্ঞান হেৰুৱাই পেলোৱাৰ লগতে হাত ভৰি অকামিলা হৈ পৰিল। পিছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি বিপুলক ঘৰলৈ লৈ অনা হল।। ইয়াৰ পিছতে বিপুলৰ ঘৰখনলৈ নামি আহিল ঘোৰ অমানিশা। আচলতে বিপুল আছিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী। তেওঁ বহু কষ্টেৰে নিজৰ পৰিয়ালটোক পোহপাল দি আহিছিল। পৰিয়ালত আছে তেও আৰু তেওঁৰ মাতৃ পিতৃ। বিপুলৰ চিকিৎসাৰ নামত ইতিমধ্যেই ঘৰৰ মাটি ভেটি সকলো হেৰুৱাই পেলাইছে পৰিয়ালটোৱে।। এতিয়া চিকিৎসাৰ অভাৱত জীৱন মৃত্যুৰে যুজিছে বিপুল।। গতিকে কোনো হ্ৰদয়বান ব্যক্তি তথা দল সংগঠনে যদি বিপুলক সহায় কৰিব বিচাৰে তেতিয়াহলে PUNJUB NATIONAL BANK (কনিহা)শাখাৰ AC NO 3211000100117906 IFSC CODE PUNBO 321100 নম্বৰত সাহাৰ্য্য প্ৰদান কৰিব পাৰে নতুবা ফোন কৰিব পাৰে 7638879259/ 9394151645.

P&C

You might also like