আজিৰ খবৰ, ডুমডুমা, ১৫ জুলাই : তিনিচুকীয়া জিলাত অব্যাহত আছে ড্ৰাগছ বিৰোদ্ধে অভিযান । ডুমডুমা থানাৰ আৰক্ষী বিষয়া অসীম বড়া নেতৃত্বত আৰু আৰক্ষী উপ পৰিদৰ্শক চিত্ৰৰঞ্জন বুঢ়াগোহাঁইৰ সহযোগত এক সফল অভিযানত তিনি অভিযুক্তক আটক । ডুমডুমাৰ শঙ্কৰদেৱ নগৰত ছাৰফৰাজ হুচেইন(১৭), এম ডি আলি(২৯) , মনিষ গোস্বামী(২৬)ক আৰক্ষীয়ে কৰিলে আটক । ইয়াৰ দুদিনৰ আগতেও ডুমডুমাৰ মছুৱা পত্তিত ৬৯০গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰি তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল উক্ত অভিযানকাৰী দলটোৱে। অভিযোগ অনুসৰি ছাৰফৰাজ হুচেইন নামৰ যুৱকজনক কেইদিনমানৰ পূৰ্বে ডুমডমা নগৰৰ সচেতন যুৱকে ড্ৰাগছ সহ আটক কৰিছিল যদিও নিজকে শুধৰণি কৰিবলৈ এৰি দিছিল যুৱক কেইজনে । কিন্তু যুৱক নাচুৰবান্দা, আকৌ ড্ৰাগছ খাই থকাৰ অৱস্থাত আৰক্ষীয়ে বিশেষ সূত্ৰে তিনিজনক গ্ৰপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ উমান পাই ড্ৰাগছ আসক্ত যুৱক কেইজনে নলাত ড্ৰাগছখিনি পেলাই দিয়ে যদিও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।