Your Voice, Our Strength

ডিব্ৰুগড়ত ক’ভিডক লৈ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সজাগতা

আজিৰ খবৰ, ডিব্ৰুগড়, ১৬ জুলাই : ডিব্ৰুগড়ৰ ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন জিলা প্ৰশাসন। চহৰখনৰ উপকন্ঠ অঞ্চলত আৰক্ষী-অৰ্ধসামৰিক বাহিনীক লৈ সজাগতা অভিযানত নামিল ডিব্ৰুগড় জিলা প্ৰশাসন। আজি চহৰখনৰ উপকন্ঠ ঠাকুৰথানৰ পৰা বিশাল সজাগতা কাৰ্যসূচীৰে বাহিৰ কৰিলে পদযাত্ৰা। ডিব্ৰুগড় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া আৰু ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে চাহ বাগিচা অঞ্চলৰ লোকসকলৰ মাজত ৰূপায়ন কৰা হয় এই কাৰ্যসূচী। ঠাকুৰথানৰ পৰা জকাই ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথলৈকে মাস্ক বিতৰণৰ লগতে ক’ভিডৰ বিৰুদ্ধে গঢ়ি তোলা হয় সজাগতা। উল্লেখযোগ্য যে ঠাকুৰথান অঞ্চলত বৃহস্পতিবাৰৰ দিনটোত ২০ জন ক’ভিড ৰোগী চিনাক্ত কৰাৰ পিছতে বাহিৰ কৰা হয় এই পদযাত্ৰা।

 

P&C
You might also like