Your Voice, Our Strength

ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট।থোৰতে জানি লওঁক কি আছে বাজেটত ….

আজিৰ খবৰ,গুৱাহাটী, ১৬ জুলাই : ৰূপকোঁৱৰ জ্যোতপ্ৰসাদ আগৰৱালাৰ কবিতাৰে বাজেট ভাষণ আৰম্ভ কৰে বিত্তমন্ত্ৰীয়ে। সদনত দাখিল কৰিলে ৫৬৬ কোটি টকাৰ ঘাটি বাজেট। অসম বিধানসভাৰ বর্ষাকালীন অধিৱেশনত আজি ২০২১–২২ বিত্তীয় বর্ষৰ বাবে বাজেট দাখিল কৰে বিত্তমন্ত্রী অজন্তা নেওগে৷ আজি বাজেট ভাষণত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে অৰুণোদয় আঁচনিক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

এতিয়াৰে পৰা প্ৰতিটো পৰিয়ালে লাভ কৰা মাহিলী অনুদানৰ ধন ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰে। লগতে নতুনকৈ ৬ লাখ ৩৬ হাজাৰ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিব বুলিও বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰকাশ কৰে। এই সমগ্ৰ অৰুণোদয় আঁচনিৰ বাবে ১,৮০০ কোটি টকা ধাৰ্য কৰা বুলি সদৰি কৰে। ইফালে ১ লাখতকৈ অধিক নিবনুৱাই এইবাৰ নিযুক্তি লাভ কৰিব বুলি বাজেট ভাষণত পুনৰ দোহাৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে । গোলাঘাট, ধেমাজি, মৰিগাঁও, বঙাইগাঁও, তামুলপুৰত পাঁচখন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ’ব৷ আনুমানিক ব্যয় ১৬ কোটি টকা। কাৰ্বি আংলং জিলাত ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত। বৰ্তমানৰ ডিফু চৰকাৰী মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ সম্ভাৱনা।অন্যহাতে

P&C

মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ চৰ্তসাপেক্ষ প্ৰস্তাৱ। তিনিটা শ্ৰেণীত মহিলাসকলক ভাগ কৰি ঋণ ৰেহাইৰ আঁচনি প্ৰস্তুত বাজেটত । নিয়মিত ঋণ পৰিশোধ কৰা মহিলালৈ ২৫০০০ টকাৰ পুৰষ্কাৰ। ২০২১-২২ বৰ্ষৰ বাজেটত গড়কপ্তানী বিভাগত সৰ্বাধিক ৮৫৮৩.৩৭ কোটি ধাৰ্য কৰা হৈছে।২০২৩ৰ আগষ্টৰ ভিতৰত গুৱাহটী আৰু উত্তৰ গুৱাহাটী মাজৰ দলং নিৰ্মাণ হ’ব। পলাশবাৰী-গুৱাহাটী সংযোগী বৃহৎ দলং নিৰ্মাণৰ প্ৰস্তাৱ বাজেটত। শক্তি বিভাগৰ বাবে ৪৩৯৪.৯৬ কোটি টকা ধাৰ্য। বিনামূলীয়া বিদ্য়ুৎ যোগান, সকলো শ্ৰেণীৰ গ্ৰাহকৰ বাবে শুল্ক ৰেহাই আৰু বিলম্বিত পৰিশোধৰ বাবে উপকৰ ৰেহাইৰ প্ৰস্তাৱ বাজেটত। মাধ্যমিক শিক্ষা বিভাগত ৫১৩১.৫১ কোটি টকা ধাৰ্য। ষষ্ঠ শ্ৰেণীৰ পৰা দশমলৈ ছাত্ৰীক বিনামূলীয়া চেনিটেৰী নেপকিন যোগানৰ প্ৰস্তাৱ। ভিতৰুৱা ঠাইত শিক্ষকৰ বাবে কোৱাৰ্টাৰ নিৰ্মাণৰ প্ৰস্তাৱ। চাহ বাগিচাত শ্ৰমিকৰ বাবে ৫০ হাজাৰ টকাৰ অৱসৰ ভাট্টাৰ প্ৰস্তাৱ ।কোনো নতুন কৰ (Tax) আৰোপ কৰা হোৱা নাই বাজেটত।

You might also like