যোৰহাটত কিছু শিথিলতা : প্ৰথম বাৰৰ বাবে পজিটিভিতি ১.৮৪ %
আজিৰ খবৰ, যোৰহাট, ১৭ জুলাই : বিগত দুটা মাহৰ পাছত যোৰহাটত প্ৰথম বাৰৰ বাবে পজিটিভীতিৰ হাৰ ১.৮৪ %. আজি সৰ্বাধিক ছহেজাৰ ২৮৬ জনৰ পৰীক্ষা কৰাৰ পাছত ১১৭ জন পজিটিভ পোৱা যায়। যাৰ বাবে জিলা প্ৰশাসনে কিছু শিথিলতা কৰিছে। কিন্তু চৰকাৰে নতুন SOP নিদিয়ালৈ সম্পূৰ্ণ লকডাউন থাকিব। কাইলৈ জিলাখনৰ গেলামালৰ পাইকাৰী দোকান সমূহ পুৱা চাৰি বজাৰ পৰা বিয়লি তিনি বজালৈ খোলা থাকিব। জিলাখনৰ তিতাবৰ, টীয়ক মৰিয়নী ৰ খুচুৰা গেলামালৰ ব্যবসায়ী সকলে উক্ত স্থানৰ পাইকাৰী দোকানৰ পৰাহে ক্ৰয় কৰিব পাৰিব। নগৰ আৰু গাঁও অঞ্চলৰ গেলামালৰ দোকান, পাচলি, ফল মূলৰ দোকান সমূহ পুৱা ৮ বজাৰ পৰা বিয়লি তিনি বজালৈ খুলিব পাৰিব। কিন্তু পদ পথৰ কাষত পাচলি ফল মূল বিক্ৰী কৰিব নোৱাৰিব।