Your Voice, Our Strength

বোকাজানত বৃহৎ পৰিমাণৰ বনৰৌ বাকলি আৰু ১৫ টাকৈ দুষ্প্ৰাপ্য কেকো সাপ জব্দ।

আজিৰ খবৰ, বোকাজান, ১৮ জুলাই :

গুৱাহাটীৰ পৰা অহা ৱাইল্ড লাইফ ক্ৰাইম কন্ট্ৰোল ব্যুৰোৰ এটা দলে বোকাজান আৰক্ষী থানা আৰু পূব সংমণ্ডল বন বিভাগৰ সহায়ত এক গোপন খবৰৰ ভিত্তিত দুষ্প্ৰাপ্য প্ৰাণী সমূহক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

P&C

উক্ত দুষ্প্ৰাপ্য প্ৰাণী সমূহ ডিমাপুৰৰ পৰা বোকাজান অভিমুখে এখন এন এল ০৬ ৩১৭৫ নম্বৰৰ চুইফট গাড়ীত সৰবৰাহ কৰি আনিছিল।

আনহাতে উক্ত দুষ্প্ৰাপ্য প্ৰাণীৰ বাকলি আৰু কেকো চোৰাং সৰবৰাহত জড়িত থকা দুটাকৈ সৰবাৰহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।

সৰবৰাহকাৰী দুটাৰ নাম হৈছে খটো ৰাবখো আৰু ইলোংহিও কোৱামি।

ৱাইল্ড লাইফ ক্ৰাইম কন্ট্ৰোল ব্যুৰো আৰু বোকাজান আৰক্ষীৰ তদন্তত গম পোৱা গৈছে যে খটো ৰাবখো নাগালেণ্ডত আই আৰ বি এনৰ কৰ্মচাৰী হিচাপে কৰ্মৰত।

আজি জব্দহোৱা দুষ্প্ৰাপ্য বনৰৌৰ বাকলিৰ পৰিমাণ ১২ কেজি আৰু ১৫ টাকৈ কেক সাপ।

You might also like