Your Voice, Our Strength

ৰজাৰ ঘৰত কোনে চলাইছিল চোৰৰ হাতোৰা ?

বিধায়ক ফণীভূষণ চৌধুৰীৰ বাহন চুৰি ঘটনাই উদঙাইছে আন এক তথ্য

আজিৰ খবৰ, গুৱাহাটী, ১৮ জুলাই : প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ফণীভূষণ চৌধুৰীৰ ইন’ভা বাহনখন নুমলীগড়ত দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে পোহৰলৈ আহিছে এক নতুন তথ্য । প্ৰকৃততে কোনে সাহস কৰিছিল ৰজাৰ ঘৰতে মাৰিবলৈ চোৰৰ হাতোৰা ? কটকটীয়া নিৰাপত্তাৰক্ষী থকাৰ পাছতো কেনেকৈ সংঘটি হ’ব পাৰে চুৰি ঘটনা এনেবোৰ বহু প্ৰশ্ন এতিয়া উদ্ঘাটন ঘটিছে ৰাইজৰ মাজত । উল্লেখ্য যে যোৱা শুক্ৰবাৰে প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বাহন লৈ উধাও হৈছিল কেইটামান দুৰ্বৃত্ত । CCTV কেমেৰা থকাৰ পিছতো সচিবালয়ৰ পৰাই বাহন চুৰ কৰিবলৈ সক্ষম হৈছিল দুৰ্বৃত্তৰ দলটোৱে । কিন্তু আৰক্ষীৰ তৎপৰতাত এই পৰ্যন্ত তিনিজন লোকক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে হাৰেচ আলী,ছফিকুল আহমেদ আৰু আৰিফুল আলীক। আটক কৰা

ছফিকুল আহমেদ নামৰ গাড়ীচুৰটো ৰকিবুল হুছেইনৰ গাড়ীচালক বুলি জানিব পৰা হৈছে । প্ৰভাৱশালী নেতাৰ গাড়ী চালক যদি এই চুৰি ঘটনাৰ লগত জড়িত তেন্তে গাড়ী চোৰৰ লগতে আৰু ওলাব পাৰে নতুন নতুন তথ্য ।  ইতিমধ্যে চুৰি সম্পৰ্কত অনুসন্ধানকাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

P&C

You might also like