Your Voice, Our Strength

ফটো সাংবাদিক ডানিছ ছিদ্দিকীৰ প্ৰতি গুৱাহাটী প্ৰেছ ক্লাবৰ শ্ৰদ্ধাঞ্জলি

আজিৰ খবৰ,১৮ জুলাই : তালিবানিৰ গুলিত নিহত ভাৰতীয় ফটো সাংবাদিক ডানিছ ছিদ্দিকীৰ প্ৰতি গুৱাহাটী প্ৰেছ ক্লাবৰ একাজঁলি শ্ৰদ্ধাঞ্জলি। ডানিছ ছিদ্দিকীৰ মৃত্যু ভাৰতৰ নিৰ্ভীক,নিৰপেক্ষ সাংবাদিকতাৰ বাবে এক অপুৰণীয় ক্ষতি। অশান্ত-অস্থিৰ সময়তো নিজৰ কৰ্তব্য আৰু দায়িত্ব পালনত আপোচ কৰা নাছিল ছিদ্দিকীয়ে। ডানিছ ছিদ্দিকী’ৰ প্ৰতিখন ফটোগ্ৰাফ সময়ৰ জীৱন্ত দলিল।

সাহস,ত্যাগ আৰু নিৰ্ভীকতাৰ প্ৰতীক ডানিছৰ মৃত্যুত শোকস্তব্ধ ভাৰতৰ সংবাদ জগত। ডানিছৰ মৃত্যুত মৰ্মাহত গুৱাহাটী প্ৰেছ ক্লাব। ডানিছলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণেৰে শণিবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাংগণত আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। প্ৰেছ ক্লাবৰ সহঃ সাধাৰণ সম্পাদিকা মনিষা কলিতাই আঁত ধৰা অনুষ্ঠানটিত কেইবাটাও সংবাদগোষ্ঠীৰ কেইবাজনো জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকি ডানিছলৈ জনাই একাজঁলি শ্ৰদ্ধাঞ্জলি। ডানিছলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ডানিছৰ কৰ্মৰাজিৰ সন্দৰ্ভত চমু আলোকপাত কৰে অসম বাণী কাকতৰ মুখ্য সম্পাদক দিলীপ চন্দনে। অনুষ্ঠানত উপস্থিত থাকে অসমৰ ফটো সাংবাদিক সন্থাৰ কেইবাজনো জ্যেষ্ঠ ফটো সাংবাদিক।

P&C

You might also like