Your Voice, Our Strength

কি হৈছে দীপৰ বিলত ?

অভূতপূৰ্ব সমাগমৰ মাজত হেৰাই গ'ল কভিড বিধি: নিৰ্বিকাৰ আৰক্ষী - প্ৰশাসন

আজিৰ খবৰ, গুৱাহাটী, ১৮ জুলাই : ৰাজ্য চৰকাৰে ক’ভিডৰ সামাজিক সংক্ৰমণ ৰোধৰ বাবে বিগত এপ্ৰিল মাহৰ শেষৰ পৰাই সান্ধ্য আইনকে ধৰি কেতবোৰ বাধা নিষেধ আৰোপ কৰিছে । তাৰ ভিতৰত প্ৰথমটোৱেই হৈছে যিকোনো জন সমাগম এৰাই চলা । কিন্ত ৰাজ্যৰ আন ভিতৰুৱা অঞ্চলটো বাদেই খোদ গুৱাহাটী মহানগৰীৰ দীপৰ বিলৰ পাৰত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ নামত বিলৰ দক্ষিণ দিশত দৈনিক শ শ লোকৰ সমাগম হোৱা ঘটনাই সচেতন লোক সকলক চিন্তিত কৰি তুলিছে । এই সন্দৰ্ভত দীপৰ বিলৰ গাতে লগা চকৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহৰ কৰ্মকর্তাদ্বয় প্ৰমোদ কলিতা আৰু বিৰাজ কলিতাই ( পৱন ) জানিবৰ দিয়া মতে বিগত প্ৰায় দুমাহ ধৰি সপ্তাহৰ দেওবাৰে পুৱাৰে পৰা সন্ধিয়ালৈ দীপৰ বিলৰ পাৰত থকা বন বিভাগৰ পক্ষী নিৰীক্ষণ স্তম্ভৰ সমীপৰ অংশখিনিত শ শ লোকৰ সমাগম হয় । বিগত এপ্ৰিল মাহৰ শেষৰ পৰা ক’ভিড প্ৰট’কল বিধি মানি দীপৰ বিল বন্যপ্ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে পক্ষী নিৰীক্ষণ চৌহদটো দর্শনাৰ্থীৰ বাবে বন্ধ কৰি ৰাখিছে । তাৰ পাছতো দৈনিক শ শ লোকে পক্ষী নিৰীক্ষণ চৌহদৰ আশে পাশে ভিৰ কৰা ঘটনাই স্থানীয় বাসিন্দাক সকলক স্বাভাৱিকতে চিন্তিত আৰু শংকিত কৰি তুলিছে । ইয়াৰ ভিতৰত দেওবাৰে অভূতপূৰ্ব সমাগম হয় । লক্ষ্যনীয়ভাবে বিগত বৰ্ষত লকডাউন চলি থকাৰ সময়তো একাংশই এনে ভিৰ কৰিছিল । কিন্তু আজাৰা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া জনে এদল আৰক্ষী – চি আৰ পি এফৰ লোকক লগত লৈ এনে সমাগম আঁতৰ কৰিবৰ বাবে কেবাদিনো মৃদু লাঠীচালনা কৰিব লগা হৈছিল । কিন্তু এইবেলি আজাৰা আৰক্ষীয়ে তেনেকোনো ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ বাধাহীনভাবে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা একাংশ লোকে ক’ভিড বিধি উলংঘা কৰি বিলৰ পাৰত সমাগম কৰি আহিছে । ফলত তেনে সমাগমৰ পৰা অঞ্চলটোত ক’ভিডৰ গণ সংক্ৰমণ হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে সচেতন লোকসকলে । কিন্তু সকলো দেখি শুনিও আৰক্ষী – প্ৰশাসনে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰা ঘটনাই তেনে সমাগম বৃদ্ধিত অৰিহণা যোগাই আহিছে বুলি অভিযোগ উত্থাপিত হৈছে ।

P&C
You might also like