Your Voice, Our Strength

ডাম্পিং গ্রাউণ্ডবিৰোধী আন্দোলনত যোগদান কৰিব বিধায়ক অতুল বৰা

আজিৰ খবৰ,২০ জুলাই : অৱশেষত আন্দোলনত বহাৰ সিদ্ধান্ত বিধায়ক অতুল বৰাই৷ বিগত ২৪ দিনে একেৰাহে চলি থকা ডাম্পিং গ্রাউণ্ডবিৰোধী আন্দোলনৰ প্রতি সঁহাৰি জনোৱাৰ বিপৰীতে ৰুলিং পার্টীৰ বিধায়ক বুলি পিছ হোঁহকা মৰা জনপ্রতিনিধিগৰাকীয়ে গুৱাহাটী পৌৰ নিগমে চান্দ্রপুৰত স্থাপন কৰা দম্পিং গ্রাউণ্ড স্থাপনবিৰোধী আন্দোলনত যোগদানৰ সিদ্ধান্তৰ কথা সদৰী কৰিছে স্থানীয় বিধায়ক অতুল বৰাই৷ এক প্রেছ বিজ্ঞপ্তিযোগে এই কথা সোমবাৰে সদৰী কৰিছে মুৰপলকা দি থকা নির্বাচিত প্রতিনিধিগৰাকীয়ে৷ বিজ্ঞপ্তিখনত বিধায়জনে উল্লেখ কৰিছে যে তেওঁ ইতিমধ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ লগত চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল কৰিব লগে বুলি আলোচনাত মিলিত হৈছে । এসপ্তাহ পিছৰ পৰাহে আন্দোলনত যোগদান কৰিব বুলি জনাইছে বিধায়গৰাকীয়ে৷ ৷ ইতিমধ্যে মুখ্যমন্ত্রীগৰাকীয়ে আনকি সঁহাৰি জনোৱা বুলি উল্লেখ কৰিছে স্থানীয় বিধায়কজনে৷ বিধায়ক গৰাকীয়ে জনোৱা মতে পৌৰ নিগমৰ দায়িত্বত থকা মন্ত্রী অশোক সিংঘাল আৰু নিগম নবি কর্তৃপক্ষৰ লগতো বহুবাৰ আলোচনাত মিলিত হৈছিল । বিজ্ঞপ্তিখনত৷অৱশ্যে অহা এসপ্তাহৰ ভিতৰত তেওঁ আগবঢ়ৱা পৰামর্শ আৰু স্থানান্তৰৰ কৰণৰ কোনো আশা প্রত্যক্ষ নকৰিলে চন্দ্রপুৰবাসীৰ হৈ নিৰৱচ্ছিন্নভাৱে চলাই যাব দাম্পিং গ্রাউণ্ডবিৰোধী আন্দোলন ।

P&C
You might also like