Your Voice, Our Strength

লাভলিনাই বুটলি আনিব স্বৰ্ণপদক : বুধবাৰে মহানগৰীত Go for Glory চাইকেল ৰেলী

আজিৰ খবৰ,২০ জুলাই : অলিম্পিকলৈ মাজত মাত্ৰ দুটা দিন । লাভলিনা বৰগোঁহাইৰ অলিম্পিক যাত্রা লৈ এতিয়া যথেষ্ট উৎসাহী ৰাজ্যবাসী। ৰাজ্যবাসীয়ে আশা কৰিছে লাভলিনাই টকিঅ’ৰ পৰা অসমলৈ বুটলি আনিব স্বৰ্ণপদক। টকিঅ’ৰ ৩২ সংখ্যক অলিম্পিক গেমছ জাপানৰ ৰাজধানী চহৰত উজলি উঠক অসমৰ জিয়ৰী লাভলিনা বৰগোঁহাই । বিশ্ব শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধ “অলিম্পিক গেমছ”ত অংশ ল’বলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী তথা একমাত্ৰ মহিলা খেলুৱৈ লাভলিনা বৰগোঁহাইৰ বাবে মঙলবাৰে চৰকাৰে অসম বিধান সভাৰ সদনটো আগবঢ়াই শুভেচ্ছাৰ প্ৰস্তাৱ পাঠ ।লাভলিনাক উৎসাহিত কৰিবলৈ মহানগৰীত অনুষ্ঠিত হ’ব Go for Glory চাইকেল ৰেলী। লাভলিনা বৰগোঁহাইৰ গৃহ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত বুধবাৰে পুৱা মহানগৰীৰ লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ অনুষ্ঠিত হ’ব Go for Glory চাইকেল ৰেলী। লাভলিনাক উৎসাহিত কৰিবলৈ উক্ত চাইকেল ৰেলীত অংশলৈ চাইকেল চলাব স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো। ইফালে লাভলিনা বৰগোহাঁইকলৈ ৰাজ্য চৰকাৰে অনা শুভেচ্ছাৰ প্ৰস্তাৱক শাসক বিৰোধী সকলো দল আৰু বিধায়কে আদৰণি জনায়।

P&C
You might also like