Your Voice, Our Strength

পশ্চিম গুৱাহাটীৰ ছাটাৰগাঁৱত ওলাল প্ৰথমজন ক’ভিড আক্ৰান্ত ৰোগী

আজিৰ খবৰ, গুৱাহাটী, ২১ জুলাই : পশ্চিম গুৱাহাটীৰ আজাৰা অঞ্চলৰ কাষৰীয়া আৰু প্ৰাকৃতিক পৰিবেশৰ মাজত থকা গাঁও হিচাপে পৰিগণিত হৈ অহা ছাটাৰগাঁৱত অৱশেষত প্ৰায় ১৬ টা মাহৰ অন্তত আজি প্ৰথমজন ক’ভিড আক্ৰান্ত ৰোগী চিনাক্ত হৈছে । ৰোগীজন হল পুতুলী ৰাভা ( ৪১ ) । ছাটাৰগাঁৱৰ নৱজ্যোতি সংঘৰ উপদেষ্টা অজয় ৰাভা , সভাপতি দ্বীপেন ৰাভা আৰু সম্পাদক মনোজ ৰাভাই জানিবলৈ দিয়া মতে পুতুলী ৰাভাই আজি ঘৰৰ পৰা প্ৰায় ৮ কিঃমিঃ নিলগৰ উপৰদানী হাইস্কুলত স্বাস্থ্য বিভাগে স্থাপন কৰা ভেকচিন কেন্দ্ৰত ক’ভিড প্ৰতিষেধকৰ প্ৰথম পালি টীকা গ্ৰহণ কৰিবলৈ আহিছিল । কিন্তু টীকা গ্ৰহণৰ পূৰ্বে কৰা স্বাস্থ্য পৰীক্ষাত তেওঁৰ দেহত ক’ভিড ভাইৰাছৰ উপস্থিতি নিশ্চিত কৰা হয় । অৱশ্যে বিধৱা মহিলা গৰাকীৰ দুই পুত্ৰৰ স্বাস্থ্য পৰীক্ষাত নিগেটিভ পোৱা হয় । আনহাতে মহিলা গৰাকীৰ দেহত আন কোনো ৰোগৰ লক্ষণ নথকাত তেওঁক হোম আইছলেচনত প্ৰেৰণ কৰা হয় । উল্লেখযোগ্য যে বিগত ২০২০ বৰ্ষৰ মাৰ্চ মাহত দেশজুৰি ক’ভিড -১৯ ৰোগ বিয়পি পৰাৰ পাছতো বিগত প্ৰায় ১৬ মাহ ধৰি বিভিন্ন সাৱধানতা অৱলম্বন কৰি ছাটাৰগাঁৱখন ক’ভিডৰ পৰা মুক্ত হৈ সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছিল । কিন্তু তাৰ মাজত নিজ ঘৰতে থকা পুতুলী ৰাভা কিদৰে ক’ভিডত আক্ৰান্ত হল তাক লৈ গাঁওখনৰ ৬২ ঘৰ বাসিন্দা শংকিত হৈ পৰিছে ।

P&C
You might also like