Your Voice, Our Strength

পি এম কিষান আচনিত দুৰ্নীতিত প্ৰথম স্থান অসমৰ: কংগ্ৰেছ দলৰ প্ৰতিক্ৰিয়া

আজিৰ খবৰ,২১ জুলাই দুৰ্নীতি অনিয়মত শূণ্যসহনশীল বুলি কোৱা চৰকাৰৰ শাসনত পি এম কিষাণ আচনিৰ দুৰ্নীতি অনিয়মত অসমে স্থান পালে প্রথমত। ২০১৯ চনৰ পৰা আৰম্ভ কৰা পি এম কিষাণ আঁচনিৰ সন্দৰ্ভত নিম্ন সদনত কেন্দ্ৰীয় কৃষিমন্ত্ৰী শ্রীটোমাৰে এটা প্ৰশ্নৰ উত্তৰ দিবলৈ যাওতে এই তথ্য দাঙি ধৰিবলৈ বাধ্য হল যে, পি এম কিষাণ আচনিত দুৰ্নীতি অনিয়ম হৈছে আৰু দুৰ্নীতি অনিয়মৰ আশ্ৰয় লৈ দেশত ২৯৯২.৭৫ কোটি টকা অযোগ্য কৃষকে লাভ কৰিছে। এই ক্ষেত্ৰত অসমে প্রথম স্থান দখল কৰিছে আৰু ৰাজ্য খনত ৮.৩৫ লাখ অযোগ্য কৃষকে এই আঁচনিৰ পৰা ৫৫৪.০১ কোটি টকা লৈছে বুলি সদনত কৃষিমন্ত্ৰী শ্রীটোমাৰে সদৰি কৰিছে। এক প্ৰেছ বিজ্ঞপ্তি যোগে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া কোষৰ অধ্যক্ষ

ববিতা শর্মাই কয় আমি কৈছিলো যে পি এম কিষাণ আঁচনিত কৃষক নিৰ্বাচন কৰাত দুৰ্নীতি অনিয়ম হৈছে, তেতিয়া আমাৰ কথা পোনচাতেই নাকচ কৰি সেই সময়ৰ অসমৰ বিজেপি মিত্রজোট চৰকাৰৰ মূখ্যমন্ত্ৰী আৰু বিত্তমন্ত্রীকে আদি কৰি শাসকদলৰ নেতাই দুৰ্নীতিত শূণ্যসহনশীল বুলি নিজৰ জয়ঢোল কোবাইছিল, কিন্তু এতিয়া কেন্দ্ৰীয় মন্ত্ৰীৰ মন্তব্যত এনে দুৰ্নীতি অনিয়মৰ কথা প্ৰকাশ পোৱাত চৰকাৰৰ দুৰ্নীতিকে প্ৰকাশ পোৱা নাই নে? লগতে অধ্যক্ষ গৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীয়ে কোৱা ধৰণে প্ৰতিজন অযোগ্য কৃষকৰ পৰা ধন ঘূৰাই আনি চৰকাৰে সঠিক পৰ্যবেক্ষণ কৰি উচিত কৃষকক এই আচনিৰ অন্তর্ভুক্ত কৰাৰ যোগেদি উপকৃত কৰিবলৈ আহ্বান জনাইছে । লগতে তেওঁ কয় প্ৰতিটো আঁচনিৰে উচিত তদন্ত কৰিব লাগে আৰু অযোগ্য হিতাধিকাৰীৰ পৰা ধন ঘূৰাই লৈ যোগ্য জনক দিব লাগে। এনেয়ে মূখত দূৰ্নীতিত শূন্যসহশীল বুলি কথা কোৱাতকৈ কাৰ্যত প্ৰকাশ কৰিলেহে জনতা উপকৃত হোৱাৰ লগতে আচনি সমূহো সফল হব। অন্যথা ৰাজ্যখন সফলতাত দেশৰ আগস্থান দখল কৰিবলৈ সক্ষম নহলেও এইদৰে দূৰ্নীতি অনিয়মত আগস্থান লৈ চৰকাৰে কোৱা কথা নিজে ৰক্ষা নকৰি নিজৰ ব্যৰ্থতা উদঙাই থাকিব। মূখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত সবল পদক্ষেপ লৈ নিজৰ দূৰ্নীতিত শূণ্যসহনশীলতা প্ৰকাশ কৰিব বুলি আশা ব্যক্ত কৰিছে ববিতা শৰ্মাই ।

P&C

You might also like