Your Voice, Our Strength

কি এই পেগাছাছৰ ? যাৰ বাবে উত্তাল হৈ পৰে সদন

আজিৰ খবৰ, গুৱাহাটী, ২১ জুলাই : ইজৰাইলী প্রতিষ্ঠান এনএছ’ৰ তৰফৰ পৰা পেগাছাছ ক্রয় কৰিছে ভাৰতসহ বিশ্বৰ বিভিন্ন দেশে৷ এই বিস্ফোৰক অভিযোগ কৰিছে বিৰোধীপক্ষই । বিৰোধী পক্ষই অভিযোগ কৰা মতে ইজৰাইলী চোৰাংচোৱা প্রযুক্তি পেগাছাছে দেশৰ বহু ৰাজনীতিক, সাংবাদিক, ব্যৱসায়ী তথা বিশিষ্ট ব্যক্তিৰ ফোন টেপিং কৰি বহু গোপনীয় তথ্য আহৰণ কৰে । বিৰোধীয়ে এই পেগাছাছৰ ফোন টেপিঙক লৈয়ে উত্তাল কৰি তোলে সদন । পেগাছাছৰ ফোন টেপিঙৰ ক্ষেত্রত চৰকাৰৰ পৰা উত্তৰ বিচাৰি বিৰোধীয়ে হুলস্থূলীয়া পৰিস্থিতি সৃষ্টি কৰাৰ ফলত সংসদৰ বর্ষাকালীন অধিৱেশনৰ দ্বিতীয় দিনাৰ কাম–কাজো ব্যাহত হৈ পৰে৷ দ্বিতীয় দিনা উভয় সদনৰ কাম–কাজ বন্ধ ৰাখিবলগীয়া হয় কংগ্রেছসহ বিৰোধী সাংসদসমূহৰ তীব্র আপত্তিৰ বাবে৷ ইফালে বিৰোধীৰ এক হুলস্থূলৰ মাজতে প্রধানমন্ত্রী মোদীয়ে কংগ্রেছৰ মিথ্যাচাৰৰ বিৰুদ্ধে বিজেপি সাংসদসকলক সত্য তথা ভাল কামৰ জৰিয়তে প্রত্যুত্তৰ দিবলৈ আহ্বান জনাইছে৷ কংগ্রেছসহ বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্র চলোৱা বুলি আক্ষেপ প্রকাশ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে জনসাধাৰণৰ কল্যাণ বিৰোধীয়ে নিবিচাৰে৷ ইতিমধ্যে কংগ্রেছে বিষয়টোক লৈ যৌথ সংসদীয় কমিটীৰ তদন্তৰ দাবী কৰিছে৷ অন্যহাতে ভাৰতত এই বিষয়টোক লৈ উত্তাল পৰিস্থিতি চলি থকাৰ সময়তে ইজৰাইলী প্রতিষ্ঠান এনএছ’ই স্পষ্টীকৰণ দি কৈছে যে প্রতিষ্ঠানটোৱে মাত্র চৰকাৰক পেগাছাছ ছফ্টৱেৰ যোগান ধৰি আছে৷ বাকী কাম–কাজত সংস্থাটোৰ কোনো হাত নাই৷

P&C
You might also like