Your Voice, Our Strength

বিদ্ৰোহী সংগঠনৰ নেতা এম বাথাৰ আত্মসমৰ্পণ

আজিৰ খবৰ,২২জুলাই : অৱশেষত ঘৰৰ লৰা ঘৰলৈ ঘূৰি আহিল । বিদ্ৰোহী সংগঠনৰ নেতা এম বাথাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ বড়োলেণ্ড ৰ মুৰব্বী এম বাথাই বৃহস্পতিবাৰে

ওদালগুৰি জিলাৰ মাজবাটৰ চিকাৰীডাঙত অসম-অৰুণাচল সীমান্তত আত্মসমৰ্পণ কৰে। বাথাৰ সৈতে একেলগে প্ৰায় ২৩ জন কেডাৰেও অসম আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণকাৰীসকলৰ ভিতৰত অন্যতম হৈছে দুৰ্ধৰ্ষ নেতা বি বকো ৷ অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি.পি. সিং ডাঙৰীয়া, অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্ত উপস্থিত থকা আত্মসৰ্পণ কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰ তথা বি.টি.চি. প্ৰশাসনৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকা বিধায়কদ্বয় জয়ন্তমল্ল বৰুৱা আৰু গোবিন্দ বসুমতাৰী ,বি.টি.চি. প্ৰমুখ প্ৰমোদ বড়ো তথা অন্যান্য কাৰ্যবাহী সদস্য ।

P&C

You might also like