Your Voice, Our Strength

আগষ্ট মাহত ৰিহণ দৈমাৰী পিন্ধিব গেৰুৱা বসন

আজিৰ খবৰ, গুৱাহাটী, ২৩জুলাই : আগষ্টৰ প্ৰথম ভাগৰ ভিতৰতেই ৰিহণ দৈমাৰীয়ে পিন্ধিব পাৰে গেৰুৱা বসন । ইতিমধ্যে বিজেপিমুখী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৰিহণ দৈমাৰী । সুদীৰ্ঘ সময় জুৰি ওদালগুৰি সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা ৰিহণ দৈমাৰী বিগত বিধানসভা নিৰ্বাচনত ওদালগুৰি সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ হাতত পৰাজিত হৈছিল ৰাজনৈতিক মহলত সৰৱ চৰ্চা চলি থকাৰ সময়তে ৰিহণ দৈমাৰীয়ে বিজেপিত যোগদান কৰিব বুলি প্ৰায় নিশ্চিত হৈ পৰিছে । যোগদানৰ সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ উপৰিও ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতেও কেইবালানিও আলোচনাত বহিছে ৰিহণ দৈমাৰী ৷ সাংবিধানিক বিধি অনুসৰি বিধায়ক ইউপিপিএলৰ গোবিন্দ বসুমতাৰী দুটাকৈ পদত অধিষ্ঠিত হৈ আছে । একে সময়তে দুটাকৈ পদত অধিষ্ঠিত হৈ থাকিব পৰা নাযায় । যাৰ বাবে গোবিন্দ বসুমতাৰীক উপ-মুখ্য কাৰ্যবাহীৰ পদতে অধিষ্ঠিত কৰি ৰখাৰ পৰামৰ্শ আগবঢ়াইছে বিজেপিয়ে ।ইফালে বিজেপিৰ ৰাজ্যিক নেতৃত্বই ইতিমধ্যে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ সৈতে আলোচনাত মিলিত হৈছে সেই সমীকৰণ অনুসৰি গোবিন্দ বসুমতাৰীয়ে বিধায়ক পদৰ পৰা ইস্তাফা দিলে ওদালগুৰিৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ’ব ৰিহণ দৈমাৰী ।

 

P&C
You might also like