
পুনৰ চৰ্চালৈ আহিছে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নাম কিন্তু কিয় ? জানিবলৈ পঢ়ক …
আজিৰ খবৰ, গুৱাহাটী, ২৩জুলাই : এক জল্পনা কল্পনাৰ মাজত যেন সাঁথৰ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদক লৈ । ৰাজনৈতিক মহলত এটাইব্যাপক চৰ্চা কোন হ’ব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ।! তীব্ৰ চৰ্চাৰ মাজত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদক লৈও আৰম্ভ হৈছে লবীকেন্দ্ৰিক ৰাজনীতি । ইতিমধ্যে কংগ্ৰেছৰ কেইবাজনো বিধায়ককে ধৰি বহু নেতাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰাত দলটোৰ অৱস্থা শেহতীয়াকৈ অতি শোচনীয় হৈ পৰিছে । বিগত বিধানসভা নিৰ্বাচনত পৰাজয়ৰ বাবে দায়িত্ব স্বীকাৰ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ ইচ্ছা ব্যক্ত কৰিছিল ৰিপুন বৰাই । ৰিপুন বৰাই পদত্যাগ কৰাৰ পিছতেই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদক লৈ আৰম্ভ হৈছিল জল্পনা কল্পনা । নতুন সভাপতিৰ বাবে নাম উচ্চাৰিত হৈছিল সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সম্পাদক ভূপেন বৰা আৰু জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নাম ।কিন্তু কংগ্ৰেছৰ একাংশ নেতাই ব্যক্তিগত স্বাৰ্থত সাংসদ প্ৰদ্যুৎ বৰদলৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে বাছনি কৰাৰ ক্ষেত্ৰত বিৰোধিতা কৰিছে যদিও গৰিষ্ঠ সংখ্যকে আকৌ দলীয় স্বাৰ্থত প্ৰদ্যুৎ বৰদলৈকে বিচাৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে । উল্লেখ্য যে। অস্তিত্ববিহীন হৈ পৰা কংগ্রেছক পুনৰ শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বাছনি কৰিব বিচাৰিছে দলটোৰ হাইকামাণ্ডে । এইক্ষেত্ৰত অতি শেহতীয়াকৈ দিল্লী হাইকামাণ্ডে প্ৰদ্যুৎ বৰদলৈ অথবা ভূপেন বৰাকে সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত একপ্ৰকাৰ চূড়ান্ত কৰিছে । অৱশ্যে, সমগ্ৰ ৰাজ্যতে প্ৰভাৱ থকা প্ৰাক্তন মন্ত্ৰী তথা সাংসদ প্ৰদ্যুৎ বৰদলৈকে সভাপতিৰ দায়িত্ব দিয়াৰ সম্ভাৱনাই অধিক বুলি একাংশ কংগ্রেছী কৰ্মীৰ পৰা জানিব পৰা। গৈছে । হয়তো সকলো ঠিকে থাকে থাকিলে দুই এদিনতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নাম ঘোষণা কৰিব দলৰ হাইকামাণ্ডে ।
