Your Voice, Our Strength

সাৱধান: আপোনাৰ দুৱাৰত পৰিব পাৰে ডি টি অ , এম ভি আই , ই আইৰ টোকৰ

আজিৰ খবৰ ২৪ জুলাই : ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাছত দেশৰ আন ৰাজ্যৰ লগতে অসমতো পৰিবহন খণ্ডটোত বিৰূপ প্ৰভাৱ পেলাইছে । বিগত বৰ্ষৰ দৰে এইবেলিও অসম চৰকাৰৰ পৰিবহন বিভাগে যান বাহনৰ মালিক সকলক সকাহ দিয়াৰ লক্ষ্যৰে যান বাহনৰ যাবতীয় বকেয়া কৰ আদায়ৰ সময়সীমা অহা ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে । ইফালে দেশত বিগত ২০২০ বৰ্ষৰ মাৰ্চ মাহৰ পৰাহে ক’ভিড – ১৯ মহামাৰী বিয়পি পৰিছিল যদিও ক’ভিডৰ গইনা লৈ ক’ভিড আবিৰ্ভাৱ হোৱাৰ আগৰে পৰা বহু যান বাহনৰ গৰাকী , পথ – দলং আদি নিৰ্মাণ খণ্ডৰ লগত জড়িত কনট্ৰাকচন কোম্পানী , বিভিন্ন ৰাজ্যলৈ সামগ্ৰী সৰবৰাহ কৰা ট্ৰেন্সপোৰ্ট কোম্পানী আদিৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) কার্যালয়ে অভিনৱ পন্থা গ্ৰহণ কৰিছে । পৰিবহন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি ৰাজ্যৰ ভিতৰত প্ৰথমবাৰৰ বাবে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়া ( ডি টি অ ) গৌতম দাসৰ নেতৃত্বত জিলাখনৰ যান বাহন পৰিদৰ্শক ( এম ভি আই ,) প্ৰৱৰ্তক পৰিদৰ্শক ( ই আই ) আৰু সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক( এ ই আই ) সকলে ২০ জুলাইৰ পৰা গ্ৰহণ কৰিছে এক অভিনৱ পন্থা । সেই পন্থা অনুসৰি কামৰূপ মহানগৰ জিলাৰ যিসকল কনট্ৰাকচন কোম্পানী , ট্ৰেন্সপোৰ্ট কোম্পানী আৰু যান বাহনৰ লগত জড়িত বহুজাতিক কোম্পানীয়ে বছৰৰ পাছত বছৰ ধৰিযান বাহনৰ বকেয়া কৰ পৰিবহন বিভাগক আদায় দিয়া নাই তেওঁলোকৰ তাত ডি টি অ গৌতম দাসৰ নেতৃত্বত গৈ হাজিৰ হৈছে পৰিবহন বিভাগৰ দল । তেনেদৰে এম ভি আই আৰু ই আই সকলোৱে ভাগে ভাগে পৰিবহন বিভাগক বছৰ বছৰ ধৰি আদায় দিবলৈ থকা যাবতীয় বকেয়া কৰ ( Arrear Tax ) আদায় দিয়াৰ বাবে অনুৰোধ জনাবলৈ অভিযান আৰম্ভ কৰিছে । এই সন্দৰ্ভত ডি টি অ গৌতম দাসে জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত ৰাজকোষ টনকিয়াল কৰাৰ স্বাৰ্থত ৰাজ্যজুৰি পৰিবহন বিভাগে বকেয়া কৰ আদায়ৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কার্যালয়ৰ ফালৰ পৰা সংলিষ্ট কনট্ৰাকচন কোম্পানী , ট্ৰেন্সপোৰ্ট কোম্পানী আৰু বহুজাতিক কোম্পানী সমূহলৈ বকেয়া কৰ আদায়ৰ বাবে তেওঁলোকৰ ঠিকনালৈ ডিমাণ্ড নটিছ প্ৰেৰণ কৰা হৈছে । নটিছ প্ৰেৰণৰ পাছতো সঁহাৰি নিদিয়া সকলৰ বিৰূদ্ধে এম ভি আই আৰু ই আই সকলে দৌৰ টু দৌৰ শীৰ্ষক অভিযান চলাই আছে । ইফালে যান বাহনৰ গৰাকী সকলৰ মাজত বকেয়া কৰ আদায় দিয়া সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থান সমূহত দূৰৰ পৰা দৃশ্যমান হোৱাকৈ হৰ্ডিং স্থাপন কৰা হৈছে । বিশিষ্ট অধিবক্তা নেকিবুৰ জামান আৰু জনপ্ৰিয় অভিনেত্ৰী নিকিতা গোস্বামীৰ ফটো সম্বলিত হৰ্ডিং সমূহত ডি টি অ গৌতম দাসে যান বাহনৰ গৰাকী সকলক কৰ আদায়ৰ বাবে আহ্বান জনাইছে । তেনেদৰে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি বকেয়া কৰ আদায়ৰ বাবে সময়সীমা ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে যদিও তাৰ পূৰ্বেই কৰ আদায় দিবলৈ আহ্বান জনোৱা হৈছে বুলি ডি টি অ গৌতম দাসে সদৰি কৰিছে । এই সন্দৰ্ভত অনলাইন বা আন ডিজিটেল পদ্ধতি সমূহ ব্যৱহাৰ কৰিব পাৰিব বাহনৰ গৰাকী সকলে । ইফালে ইচ্ছাকৃতভাৱে বকেয়া কৰ আদায় নিদিয়া সকলৰ বিৰুদ্ধে পৰিবহন বিভাগে জৰিমনা আদায় , বাহন জব্দকে ধৰি বিভিন্ন বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিব ।

P&C
You might also like