Your Voice, Our Strength

নৱম- শ্রেণী শিক্ষৰ্থী ৰ পঞ্জীয়নৰ শেষ দিন ১০ ছেপ্টেম্বৰ

আজিৰ খবৰ, গুৱাহাটী, ২৫ জুলাই : অহা ১০ ছেপ্টেম্বৰ পর্যন্ত নৱম শ্রেণীৰ ছাত্র–ছাত্রীসকলে অনলাইনযোগে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব৷ মাধ্যমিক শিক্ষা পৰিষদ, অসমৰ অন্তর্গত বিদ্যালয়ৰ নৱম শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ পঞ্জীয়নৰ শেষ দিন ১০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে৷ ছেবাৰ সচিবে জাৰি কৰা এখন জাননীত কোৱা হয় যে চালান কটা বা মাচুল জমা দিয়াৰ শেষ তাৰিখ হৈছে ১৬ ছেপ্টেম্বৰ৷ এই সময়সীমাৰ ভিতৰত পঞ্জীয়নৰ যাৱতীয় প্রক্রিয়া সম্পূর্ণ কৰিবলৈ ছাত্র–ছাত্রীসকলক নির্দেশ দিছে ছেবাই ।

P&C
You might also like