Your Voice, Our Strength

দক্ষিণ কামৰূপত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান

আজিৰ খবৰ, গুৱাহাটী,২৭ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবকাৰী বিভাগে অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ দক্ষিণ কামৰূপৰ পলাশবাৰী, ৰামপুৰ, বাটৰহাট, উপৰহালী, ঝাৰোবড়ী, বৰিহাট, মিৰ্জা, গড়গড়া, পাৰ্ল্লী, ৰাণী, লোহাৰঘাট আদি ঠাইত সন্ধিয়া হলেই আৰম্ভ হয় চুলাই তথা বিলাতী সুৰাৰ ৰমৰমীয়া বেহা। এই অবৈধভাৱে চলাই অহা চুলাই মদ বিৰুদ্ধে কামৰূপ জিলা আবকাৰী বিভাগৰ অধীক্ষক মানবী দাসৰ নিৰ্দেশত আজি মিৰ্জা আবকাৰী চক্ৰৰ পৰিদৰ্শক মানসপ্ৰতীম শৰ্মা, সহ:পৰিদৰ্শক সতীশ বৰ্মনৰ নেতৃত্বত আৰু আমিনগাঁও (চাংচাৰী) চক্ৰ, পলাশবাৰী আৰক্ষী থানা আৰু বিজয়নগৰ আৰক্ষী চকীৰ সহযোগত পলাশবাৰী নিউ কাৰিপাৰাৰ দঙৰপাৰত চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই। অভিযানৰ সময়ত নিউ কাৰিপাৰাৰ দঙৰপাৰত ৫,০০০ কেজি পাছ আৰু অবৈধ চুলাই মদ ৫০০ লিটাৰ ঘটনাস্থলীত নষ্ট কৰে। ইয়াৰ পিছতে লোহাৰঘাট খামাৰত অবৈধভাৱে বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা অৱস্থাত বিশ্বজিৎ ৰাভা আটক কৰাৰ লগতে ৮.৫০ লিটাৰ বিদেশী সুৰা আৰু ১.৫ কেছ বিয়েৰ জব্দ কৰে। জব্দকৃত বিদেশী সুৰা আৰু বিয়েৰৰ মূল্য প্ৰায় ৪০ হাজাৰ টকা হোৱাৰ লগতে অসম আবকাৰী বিভাগৰ অধীনত এক গোচৰ ৰুজু কৰি আটকাধীন যুৱকজনক কাইলৈ মহামান্য আদালতলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিছে মিৰ্জা আবকাৰী চক্ৰৰ সহ: পৰিদৰ্শক সতীশ বৰ্মনে।

P&C
You might also like