Your Voice, Our Strength

গোলাঘাট জিলাৰ পৰিবেশ পৰিস্হিতিক লৈ উদ্বিগ্ন গোলাঘাট জিলা উপায়ুক্ত।

নিয়ন্ত্ৰন হোৱা নাই জিলাখনত। যোৱা ২৪ ঘন্টাত ১৩২ গৰাকী কৰোনাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৩ জনৰ।

আজিৰ খবৰ, গোলাঘাট, ২৮ জুলাই : কৰোনাৰ Hotspot গোলাঘাট জিলা।কিয় কভিড নিয়ন্ত্ৰন হোৱা নাই গোলাঘাট জিলাত। এতিয়া সেই প্ৰশ্ন সকলোৰে মনত। নতুন SOP অনুসৰি ৰাজ্যৰ দুখন জিলাৰ অন্যতম গোলাঘাট জিলাত উদ্বেগজনক হাৰত বৃদ্বি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ১২ লাখ জনসংখ্যাৰ গোলাঘাট জিলা খনত প্ৰতিদিনাই কভিড টেষ্ট ব্যাপক হাৰত কৰিছে যদিও যোৱা ২৪ ঘন্টাত ১৩২ গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ সমান্তৰাল ভাবে মৃত্যু হৈছে ৩ গৰাকী।লক্ষণীয় কথাটো হ’ল জিলাখনত প্ৰতিদিনাই ২ জনৰ পৰা ৩ জন লোক মৃত্যু হৈয়ে আছে। জিলাখনত যোৱা ১ এপ্ৰিলৰ পৰা ৪০৮৩৫০ লোকক কভিড টেষ্ট কৰাত ১৭৩২৭ গৰাকী লোক আক্ৰান্ত হৈছে। ইয়াৰে ১৬২ গৰাকী লোকক মৃত্যু মুখত পৰিছে। এতিয়াও Active Containment

Zones – ০৫ টা আৰু Micro Containment

P&C

Zones- ৬৩ টা। ইয়াৰ মাজতে। এটা ভাল খৱৰ শেহতীয়াকৈ গোলাঘাট নগৰৰ ৯০০ ব্যৱসায়ীক কভিড  টেষ্ট কৰাত ৩ জন হে পজিটিভ হৈছিল।যদি Containment ৰ পৰা শিথিল হব লাগে তেন্তে জিলাবাসীৰ সহযোগ কামনা কৰিছে জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই।ইফালে কৰোনাৰ এই পৰিবেশ আৰু পৰিস্হিতিৰ বাবে খাটি খোৱা লোকসকল,পদপথৰ ব্যৱসায়,ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ ককাল ভাঙি পেলাইছে। জিলাখনৰ অৰ্থনীতিত যথেষ্ট প্ৰভাব পৰিছে। সকলোৰে আশা কিছু অতি শীঘ্ৰে নিয়ন্ত্ৰনলৈ আহক কভিড পৰিস্হিতি আৰু শিথিল হওঁক গোলাঘাট জিলা। আনহাতে জিলা উপায়ুক্তগৰাকীয়ে দেশভক্ত তৰুনৰাম ফুকনৰ ৮২ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্ত কাৰ্যালয়ত তৰুনৰাম ফুকনৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰাৰ লগতে কেইবাজনো স্বাধীনতা সংগ্ৰামীক সম্বৰ্ধনা জ্ঞাপন কৰে  ৷

You might also like