
চৰাইদেউত আবকাৰী অভিযান,আটক ২, গোচৰ ৰুজু
আজিৰ খবৰ, চৰাইদেউ, ২৮ জুলাই : অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযানৰ অংশ হিচাপে বুধবাৰে চৰাইদেউ জিলাৰ আবকাৰী বিভাগে জিলাখনৰ টিঙালীবাম চাহ বাগিচাৰ ৫ নং লাইন, নতুন গোহাঁই গাঁও, ভোগবাৰী,টাইৰাই,বৰাহী আদি অঞ্চলত ব্যাপক অভিযান চলায়। সাপেখাতী আৰু টিঙালীবাম আৰক্ষীৰ সহযোগত পুৱাৰ ভাগত চলোৱা এই অভিযানত দলটোৱে অবৈধ চুলাই মদ প্ৰস্তুত কৰাৰ বাবে ৰখা প্ৰায় ৬৩০লিটাৰ গেলা পাছ, সুৰা তৈয়াৰৰ বাবে ব্যৱহৃত ৭টা যন্ত্ৰ, আৰু প্ৰায় ১৫ লিটাৰ বিক্ৰীৰ বাবে সাজু কৰি ৰখা চুলাই মদ জব্দ কৰি ঠাইতে নষ্ট কৰি পেলায়। ইয়াৰ উপৰি অবৈধ সুৰাৰ প্ৰস্তুত আৰু বিক্ৰীৰ সৈতে জড়িত দুগৰাকী ব্যক্তিক আটক কৰে। এই সন্দৰ্ভত আবকাৰী বিভাগে অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে মুঠ ১০ টা গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। কেইবাটাও আওহতীয়া স্হানত ব্যৱসায়ীসকলে অবৈধ সুৰা গোপনে প্ৰস্তুত কৰি অহাৰ খবৰ লাভ কৰি চলোৱা এই অভিযানত কেইবাটাও ভাটী উচ্ছেদ কৰা হয়।
