Your Voice, Our Strength

নগাঁও জিলা সমিতিৰ উদ্যোগত আমছুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

আজিৰ খবৰ, নগাঁও, ২৮ জুলাই : অসম-মিজোৰাম সীমা বিবাদক কেন্দ্ৰ কৰি মিজো দুৰ্বৃত্তৰ আক্ৰমণত নিহত অসম আৰক্ষীৰ বীৰ শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি।

 

লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত মিজোৰাম দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলি চালনাৰ ফলত ৫ জনকৈ অসম আৰক্ষীৰ জোৱান নিহত হোৱাৰ উপৰিও প্ৰায় অৰ্ধ শতাধিক জোৱান আঁহত হোৱা ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য খনতে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাধিক দল-সংগঠনে মিজো আৰক্ষীক গৰিহণা প্ৰদান কৰাৰ লগতে শ্বহীদ হোৱা পাচঁ জনকৈ জোৱানক জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি। ইয়াৰ মাজতে বুধবাৰে সন্ধিয়া নগাঁও জিলাৰ জুৰীয়া বজাৰত নগাঁও জিলা আমছুৰ উদ্যোগত বীৰ শ্বহীদ সকলৰ শ্ৰদ্ধাঞ্জলি জনায়।আমছুৱে মিজো আৰক্ষীক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ দাবী জনোৱাৰ লগতে অসমৰ এক ইঞ্চি মাটিও মিজোৰামক এৰি নিদিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান।

P&C
You might also like