
আজিৰ খবৰ, গুৱাহাটী, ১ আগষ্ট : দেওবাৰে আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰে সদ্য প্ৰাক্তন কংগ্ৰেছ নেতা তথা বিধায়ক সুশান্ত বৰগোহাঁইয়ে। বিজেপিত যোগদান কৰি সুশান্ত বৰগোঁহাইয়ে কয় , ‘ৰাইজৰ সেৱা আৰু উন্নয়নৰ স্বাৰ্থত মই বিজেপিত যোগদান কৰিছো। বিজেপিৰ নীতি আদৰ্শৰ সৈতে একাত্ম হৈ ৰাইজৰ সেৱা আগবঢ়াম। লগতে অসমীয়া জাতিটো যাতে আগুৱাই লৈ যাব পাৰো, এই দিশত আগন্তুক দিনত কাম কৰি যাম।’ইফালে সুশান্তৰ বিজেপিত যোগদানৰ লগে লগে উজনিত কংগ্ৰেছ দল প্ৰায় নিচ্চিন্ন হ’ল বুলি দাবী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সুশান্ত বৰগোহাঁইৰ লগতে ভালেসংখ্যক প্ৰাক্তন কংগ্ৰেছ নেতা-কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। উপস্থিত থাকে মন্ত্ৰী পীয়ুষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে বিজেপিৰ বহু কেইজন আগশাৰীৰ নেতা-কৰ্মী। উল্লেখ্য যে সুশান্তৰ পিছে পিছে এ আই ইউ ডি এফৰ বিধায়ক ফণী তালুকদাৰৰ লগতে আৰু দুজন কংগ্ৰেছৰ বিধায়কে গেৰুৱা বসন পিন্ধিবলৈ নিজকে প্ৰস্তুত কৰিছে বুলিও ৰাজনৈতিক মহলত চৰ্চা চলিছে।
