Your Voice, Our Strength

পি ভি সিন্ধুয়ে টকিঅ’ অলিম্পিকত জিনিলে ব্ৰঞ্জৰ পদক।

৪০ বছৰৰ পাছত অলিম্পিকৰ ছেমি ফাইনেলত ভাৰত,দুটালৈ বৃদ্ধি পালে ভাৰতৰ পদকৰ সংখ্যা।

আজিৰ খবৰ, টকিঅ, ১ আগষ্ট : টকিঅ অলিম্পিকে ভাৰতলৈ লৈ আহিছে আন এক সুখবৰ ৷ পুনৰ ভাৰতৰ পদক অৰ্জন ৷ এইবাৰ ব্ৰঞ্জৰ পদক দখলেৰে এই সন্মান কঢ়িয়াই আনিলে শ্বাটলাৰ পি ভি সিন্ধুৱে ৷

সুদীৰ্ঘ ৪০ বছৰৰ পাছত অলিম্পিকৰ ছেমি ফাইনেলত ভাৰত উপনীত হৈছে ।,সুখবৰ এইটোৱেই যে দুটালৈ বৃদ্ধি পালে ভাৰতৰ পদকৰ সংখ্যা।

P&C

ক্ৰমাগত দুটাকৈ অলিম্পিকত একেৰাহে পদক অৰ্জনকাৰী হিচাপে ইতিহাস ৰচিলে সিন্ধুৱে ৷ উল্লেখ্য যে দেওবাৰে অনুষ্ঠিত এখন খেলত ভাৰতীয় শ্বাটলাৰগৰাকীয়ে ব্ৰঞ্জৰ পদক দখলৰ লক্ষ্যৰে চীনৰ খেলুৱৈ হি বিং জিয়াওৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ৷ প্লে-অফত চীনৰ হি বিং জিয়াওক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰি দেশবাসীলৈ সন্মান কঢ়িয়াই আনিলে ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুৱে ।

ৰিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী পি ভি সিন্ধুৱে প্লে-অফত হি বিং জিয়াওক ২১-১৩, ২১-১৫ ছেটত পৰাস্ত কৰে । সিন্ধুৱে ব্ৰঞ্জৰ পদ দখলৰ লগতে একেৰাহে দুখন অলিম্পিকত দুটাকৈ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ ।

You might also like