Your Voice, Our Strength

সমালোচনা কৰোঁ যদিও আমি মুখ্যমন্ত্রী ড০ শর্মাৰ লগত আছোঁ । কি ক’লে অখিল গগৈয়ে..

আজিৰ খবৰ, গুৱাহাটী, ১ আগষ্ট : এইবাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পক্ষত অৱস্থান লৈ মিজোৰামক উভতি ধৰিলে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ নির্দলীয় বিধায়ক অখিল আৰু এআইইউডিএফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে । সীমান্তৰ লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত বর্বৰ আক্রমণ চলাই শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধে হত্যা আৰু ষড়যন্ত্রৰ গোচৰ জাপি দিয়া কার্যত ক্ষুণ্ণ হৈ পৰিছে বদৰুদ্দিন আজমল আৰু অখিল গগৈ৷ অখিল গগৈয়ে এই সম্পর্কত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে ঘটনাটো অতি দুর্ভাগ্যজনক৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে মিজোৰামে যি গোচৰ ৰুজু কৰিছে, সেয়া উঠাই ল’ব লাগে৷ মিজোৰাম আৰক্ষীৰ গোচৰ মানি ল’ব নোৱাৰি৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত লাইলাপুৰলৈ অহা বিধানসভাৰ সর্বদলীয় প্রতিনিধি দল এটাৰ সৈতে অহা বিধায়ক গগৈয়ে আৰু কয় যে মুখ্যমন্ত্রী ড০ শর্মাক সমালোচনা কৰোঁ যদিও অসম–মিজোৰাম সীমা বিবাদৰ ক্ষেত্রত আমি সকলো ঐক্যবদ্ধ৷ আমাৰ স্পষ্ট দাবী– মিজোৰামে আমাৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধে যি গোচৰ ৰুজু কৰিছে, সেয়া উঠাই ল’ব লাগে৷ আমি আমাৰ মুখ্যমন্ত্রী ড০ শর্মাৰ লগত আছোঁ৷ অন্যহাতে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে প্রতিক্রিয়া প্রকাশ কৰি কয় যে লাইলাপুৰত সংঘটিত ঘটনাৰ বাবে মিজোৰামৰ মুখ্যমন্ত্রীৰ ওপৰতহে গোচৰ ৰুজু কৰিব লাগে৷অসমৰ মাটি সুৰক্ষিত কৰা আৰু বর্তমানৰ পৰিস্থিতি সম্পর্কত ৰাজ্য চৰকাৰে গ্রহণ কৰা স্থিতিলৈ বৰাক উপত্যকাৰ শাসক–বিৰোধী সকলোৱে সমর্থন আগবঢ়াইছে৷

P&C
You might also like