Your Voice, Our Strength

এইবাৰ অলিম্পিকৰ ইতিহাসৰ সাক্ষী হ’ব অসম বিধানসভা

অধিৱেশন স্থগিত কৰি লাভলীনাক জনাব সমৰ্থন

আজিৰ খবৰ, গুৱাহাটী, ৩ আগষ্ট : কাইলৈ অলিম্পিকৰ ছেমি ফাইনেলত অসমৰ লাভলীনা মুখামুখি হ’ব তুৰ্কীৰ বুচানেজ চুৰমেনেলীৰ। এক হাইভল্টেজ খেল উপভোগৰ বাবে এতিয়া সমগ্ৰ দেশবাসী অপেক্ষাৰত । অলিম্পিকত পদক লাভ কৰা প্ৰথম অসমীয়া, অসম-গৌৰৱ লাভলীনা বৰগোঁহাইয়ে জাপানৰ টকিঅ”অলিম্পিকৰ পৰা অদম্য শক্তিৰে লাভলীনাই সোণৰ পদক আজুৰি আনিব বুলি সকলোয়ে আশা কৰিছে । কালিলৈ অনুষ্ঠিত ছেমি ফাইনেল খেলখন হ’ব এখন শ্বাসৰুদ্ধ খেল । অসম গৌৰৱ লাভলীনাই কালিলৈও ভাল খেল প্ৰদৰ্শন কৰি পুনৰ সুনাম কঢ়িয়াই আনক তাৰ বাবে প্ৰতিজন অসমীয়াই জনাইছে শুভেচ্ছা । নামঘৰ মন্দিৰত কৰিছে প্ৰাৰ্থনা । ইফালে কালিলৈৰ পৰা পুনৰ আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। লাভলীনাৰ বাবে

অলিম্পিকৰ ইতিহাসৰ সাক্ষী হ’ব অসম বিধানসভা ।১১ বজাত অধিৱেশন স্থগিত ৰাখি লাভলীনাক জনাব সমৰ্থন । অসম বিধান সভাৰ অধ্যক্ষক এই প্ৰস্তাৱ দিছিল উপাধ্যক্ষ ডাঃ নোমল মমিনে। সেয়েহে

P&C

৩০ মিনিটৰ বাবে সদন স্থগিত ৰাখি লাভলীনাক সমৰ্থন জনাব।

You might also like