
আজাৰাৰ অবৰুদ্ধ ক্ষেত্ৰ পৰিদৰ্শন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ
আজিৰ খবৰ, গুৱাহাটী, ৪ আগষ্ট : ৰাজ্যৰ আন আন কেতবোৰ অঞ্চলৰ দৰে পশ্চিম গুৱাহাটীৰ আজাৰা ৰাজহ চক্ৰৰ কাহিকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত পাচনীয়াপাৰাত ক’ভিড – ১৯ ভাইৰাছে গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে । অঞ্চলটোৰ ৮০ ঘৰ বাসিন্দাৰ ভিতৰত প্ৰায় ১৫ জন বাসিন্দা ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে ৩১ জুলাইত আজাৰা ৰাজহ চক্ৰ বিষয়া প্ৰিয়াংশু ভৰদ্বাজে অঞ্চলটোক অবৰুদ্ধ ক্ষেত্ৰ হিচাপে ঘোষণা কৰি অঞ্চলটোৰ আটাইকেইটা ওলোৱা – সোমোৱা পথ বাঁহৰ বেৰ দি বন্ধ কৰি দিয়ে । আনহাতে ২ আগষ্টত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিৰ্দেশ মৰ্মে আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়াংশু ভৰদ্বাজৰ নেতৃত্বত এটা দলে তাৰ বাসিন্দা সকলক খাদ্য সামগ্ৰী যোগান ধৰে । তেনেদৰে আজি বিয়লি ক’ভিড পৰিস্থিতিৰ বুজ লবলৈ আহে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা । বিধায়ক গৰাকীক সংগ দিয়ে চক্ৰ বিষয়া প্ৰিয়াংশু ভৰদ্বাজ , কাহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া , অগপ নেতা সুভাষ শৰ্মাকে ধৰি কেবাজনেও । বিধায়ক কলিতাই চক্ৰ বিষয়াক অঞ্চলটোৰ ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ আৰু খাদ্যৰ যাতে নাটনি নহয় তাৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনায় ।