
আজিৰ খবৰ ,৬ আগষ্ট : এইবাৰ ৰঙা চীনৰ চকু পৰিছে অসমৰ চাহৰ ওপৰত । গভীৰ ষড়যন্ত্ৰৰ কৱলত পৰিছে অসমৰ চাহ উদ্যোগ। উল্লেখ্য যে দেশৰ ৰপ্তানি ব্যৱস্থাটোক প্ৰভাৱিত কৰিবলৈ চীনে ৰচিছে বিশেষ কুট–কৌশল আৰু তাৰ ব্যাপক প্ৰভাৱ পৰিছে অসমৰ চাহ উদ্যোগত। চীনৰ ষড়যন্ত্ৰৰ বাবে গভীৰ সংকটৰ সন্মুখীন হৈছে অসমৰ চাহ উদ্যোগ। ইয়াৰ প্ৰভাৱ চাহ ব্যৱসায়ৰ লগত জড়িত লোকসকলও গভীৰ সংকটত পৰিছে । চীনৰ ষড়যন্ত্ৰৰ বাবেই বিদেশৰ পৰা অৰ্থডক্স চাহৰ বহু অৰ্ডাৰ থকাৰ পিছতো অসমৰ চাহ বিদেশলৈ ৰপ্তানি কৰিব পৰা নাই ।চীনে বহু কণ্টেইনাৰ এই বন্দৰসমূহৰ পৰা লৈ গৈ নিজৰ বন্দৰসমূহত জমা কৰি থৈছে। ফলত ভাৰতৰ বন্দৰসমূহত নাটনি হৈছে কণ্টেইনাৰৰ। কণ্টেইনাৰৰ অভাৱৰ বাবে বিশাল পৰিমাণৰ অৰ্ডাৰ থকাৰ পিছতো অসমৰ বহু চাহ বাগিচাৰ চাহ এক্সপৰ্টাৰসকলে এইবাৰ ৰপ্তানি কৰিবলৈ সক্ষম হোৱা নাই।চীনে এনেধৰণে কণ্টেইনাৰসমূহ জমা কৰি থৈ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি ভাৰতৰ ৰপ্তানি ব্যৱস্থাটোক প্ৰভাৱিত কৰাৰ ষড়যন্ত্ৰ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ভাৰতীয় চাহ ব’ৰ্ডৰ অধ্যক্ষ প্ৰভাত কমল বেজবৰুৱাই। ইতিমধ্যে চাহ উদ্যোগীসকলে চৰকাৰক বিষয়টো অৱগত কৰি দেশৰ পশ্চিম প্ৰান্তৰ বন্দৰসমূহৰ পৰা চাহ ৰপ্তানিৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে।। এই ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা নল’লে অসমৰ চাহ উদ্যোগীসকল যে ব্যাপক লোকচানৰ সন্মুখীন সেইয়া নিশ্চিত ।
