Your Voice, Our Strength

অখ্যাত ট্ৰাকচালকসকলক লগ পাবলৈ ব্যাকুল মীৰাবাঈ চানু ।

সন্মুখত দেখা মাত্ৰকে হুকহুকাই কান্দি উঠিল কিন্তু কিয় ..?

আজিৰ খবৰ, মনিপুৰ, ৬ আগষ্ট : টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয়ী ভাৰোত্তোলক মণিপুৰৰ মীৰাবাঈ চানুৱে নিজৰ ঘৰৰ চোতালত হঠাৎ হুকহুকাই কান্দি উঠিল । টকিঅ’ৰ পৰা ওভতাৰ পিছৰে পৰা অহৰহ ভাবে কাৰোবাক বিচাৰি আছিল মীৰাবাঈ চানুৱে ।

লগ পাবলৈ ব্যাকুল হৈ পৰিছিল তেওঁ। ইয়াৰ বাবে ৰাজহুৱাকৈ আহ্বান জনাইছিল মীৰাবায়ে। চানুৱে লগ পাবলৈ আশাৰে বাট চাই থকা সেইয়া আন কোনো নহয় মণিপুৰৰ একাংশ ট্ৰাক চালক । মীৰাবাঈ চানু জয়ী হোৱাৰ আঁৰতেই এই সকল ট্ৰাক চালক । জাপানৰ পৰা অহাৰে পৰা সদায় ট্ৰাকচালকৰ সন্ধানত আছিল মীৰাবাঈ। প্ৰথম মণিপুৰত উপস্থিত হৈয়ে সেই ট্ৰাকচালকসকলক লগ পাবলৈ বিচাৰিছিল অলিম্পিক পদক জয়ী গৰাকীয়ে। অৱশেষত বৃহস্পতিবাৰে একাংশ চালক নংপক কাকচিঙত থকা মীৰাবাঈৰ ঘৰৰ সন্মুখত উপস্থিত হ’লহি। ট্ৰাকচালকৰ মাজত উপহাৰ আৰু মিঠাই বিতৰণ কৰি হুকহুকাই কান্দিলে মীৰাবায়ে। তেওঁ ক’লে এই ট্ৰাকচালকসকলৰ বাবেই দেশে অলিম্পিকত এটা পদক লাভ কৰিলে। এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান মীৰাবায়ে আৰম্ভণিৰ সময়ছোৱাত অনুশীলনৰ বাবে নিতৌ ২৫ কিলোমিটাৰ দূৰৈৰ খুমান লাম্পাক ক্ৰীড়া প্ৰকল্পলৈ আহিবলগীয়া হৈছিল। মীৰাবাঈৰ গাঁৱৰ ফালে বালি কঢ়িয়াবলৈ গৈছিল ট্ৰাকসমূহ। সেয়াই আছিল যোগাযোগৰ একমাত্ৰ মাধ্যম। অনুশীলন সামৰি এই ট্ৰাকবোৰতে সদায় ঘৰলৈ উভতিছিল মীৰাবাঈ। অলিম্পিকত পদক লাভ কৰাৰ পিছতে কৃতজ্ঞতা জনাবলৈ সেই অখ্যাত ট্ৰাকচালকসকলক লগ পাবলৈ ব্যাকুল হৈ পৰিছিল তেওঁ। ইয়াৰ বাবে ৰাজহুৱাকৈ আহ্বান জনাইছিল মীৰাবায়ে। অৱশেষত ট্ৰাকচালকসকল তেওঁৰ ঘৰলৈ আহিল। কাষৰ পৰা মীৰাবাঈক চালেহি, চুই চালে অলিম্পিকৰ পদকটো। যিটো পদকৰ বাবে ভেঁটি প্ৰতিষ্ঠা কৰাত তেওঁলোকৰো আছে অৰিহনা। সঁচাই কি এক আদৰ্শ ।

P&C

কিমান যে প্ৰশংসনীয় খবৰ ।

You might also like