বৰবিহ ড্ৰাগছৰ বাবে কিমান তললৈ নামিব পাৰে মানুহ। কি কলে মাতৃয়ে?
আজিৰ খবৰ, মৰিগাৱঁ, ৬ আগষ্ট : ড্ৰাগছৰ বাবে নিজৰ কনমানি পুত্রক বিক্রী। লাহৰীঘাটত কোনোদিনেই সংঘটিত নোহোৱা,এক লজ্জাজনক ঘটনা সংঘটিত হৈছে ।
পিতৃয়ে বিক্ৰী কৰিলে নিজ সন্তানক ।এই ভয়াংকৰ ঘটনা সংঘটিত হৈছে মৰিগাঁৱৰ জিলাৰ লাহৰীঘাটত । ড্ৰাগছ সেৱনৰ বাবে নিজৰ আঢ়ৈ বছৰীয়া পুত্ৰ সন্তানক বিক্ৰী কৰিলে পিতৃয়ে । আজিৰ সভ্য সমাজৰ মানুহে নিজৰ তৃপ্তিৰ বাবে কিমান তললৈ
যাব পাৰে আপুনি হয়তো অনুমান কৰিব নোৱাৰে। উল্লেখ্য যে লাহৰীঘাট আৰক্ষী থানাৰ অৰ্ন্তগত বৰবৰীৰ গাৱঁৰ আমিনুল ইছলাম নামৰ ড্ৰাগছ আসক্তলোক জনে গৰৈমাৰীৰ শান্তিপুৰ গাৱঁৰ ছাজিদা খাতুনৰ হাতত নগদ ৪০ হাজাৰ টকাৰ বিনিময়ত বিক্ৰি কৰে পুত্ৰক । পিছত দুয়োকে আটক কৰি আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰি মাতৃক চমজাই দিয়ে ।