Your Voice, Our Strength

সুৰা নহয় এইবাৰৰ পৰা ঘৰে ঘৰে লাভ কৰিব ডিজেল

আজিৰ খবৰ, ১০ আগষ্ট : যি সময়ত দেশত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণনক জুৰুলা কৰিছে তেনে সময়তে ঘৰে ঘৰে ডিজেলৰ যোগান ধৰাৰ কথা সদৰি কৰিছে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডে । ঘৰে ঘৰে সুৰাৰ যোগান ধৰাৰ পাছতে এইবাৰ ঘৰতে লাভ কৰিব ডিজেল ৷ কেইবাখনো চহৰত ইতিমধ্যে আৰম্ভ কৰা হৈছে এই সেৱা ৷ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, এপ ভিত্তিক ড’ৰষ্টেপ ডিজেল বিতৰণ সেৱা প্ৰদানকাৰী হমচফৰ ইণ্ডিয়া আৰু ওকাৰা ফিউল’জিক্সৰ সহযোগিতাত ইতিমধ্যে মুম্বাই আৰু ইয়াৰ কাষৰীয়া অঞ্চলত এই সেৱা আৰম্ভ কৰা হৈছে ৷ ইতিমধ্যে পুনে, নাগপুৰ, থানে, নাছিক, ঔৰংগাবাদ, নৱী মুম্বাই, চোলাপুৰৰ লগতে ৰাজ্যখনৰ আন বহুতো চহৰত ঘৰে ঘৰে ডিজেল যোগান ধৰাৰ সেৱা আৰম্ভ কৰাৰ লক্ষ্য আগত লৈ এই সেৱা আৰম্ভ কৰিছে । ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন

মূল উদ্দেশ্য হৈছে ডিজেল ক্ৰয়ৰ ক্ষেত্ৰত কোনো অসুবিধা নোহোৱাকৈ জীৱন-যাপন প্ৰণালী সহজ কৰি তোলা । সোমবাৰে এই সেৱাৰ শুভাৰম্ভ অনুষ্ঠানত ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনৰ মহাৰাষ্ট্ৰৰ মুখ্য মহাপ্ৰৱন্ধক ৰাজেশ সিঙে এই কথা প্ৰকাশ কৰিছে । সিঙে কয়, গোৱা, কৰ্ণাটক আৰু গুজৰাটলৈ ঘৰে ঘৰে ডিজেল যোগান ধৰা সেৱা সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে কোম্পানীটোৱে । আনহাতে, হমচফৰ ইণ্ডিয়াৰ সঞ্চালক আৰু সহ প্ৰতিষ্ঠাপক ছানিয়া গোৱেলে কয় যে, ওকাৰা গ্ৰুপৰ সৈতে মিত্ৰতাৰ উদ্দেশ্য হৈছে মহাৰাষ্ট্ৰত ঘৰে ঘৰে ডিজেল বিতৰণ সেৱা প্ৰদান কৰা আৰু ডিজেলৰ নিয়মীয়া যোগানৰ জৰিয়তে হাউচিং চ’চাইটি, উদ্যোগ আদিক সহায় কৰা । এই সেৱাই গ্ৰাহকক যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে ।

P&C
You might also like