Your Voice, Our Strength

সোমবাৰে কৃষকৰ একাউণ্টত ১৯ হাজাৰ ৫০০ কোটি টকা মোকলাই দিয়ে কেন্দ্ৰীয় চৰকাৰে

আজিৰ খবৰ, ১০ আগষ্ট : পিএম কৃষক সন্মান নিধি নামৰ আঁচনিখনৰ নৱম কিষ্টি সোমবাৰে মুকলি কৰি দিয়ে কেন্দ্ৰীয় চৰকাৰে ।

দেশৰ ৯.৭৫ কোটি কৃষকক সামৰি লোৱা এই আঁচনিখনৰ বাবে সোমবাৰে কেন্দ্ৰীয় চৰকাৰে ১৯ হাজাৰ ৫০০ কোটি টকা মোকলাই দিয়ে।

P&C

ভাৰ্ছুৱেল কেচ ট্ৰেন্সফাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰো কৃষকৰ বাবে মোকোলাই দিয়ে অভিলাষি আঁচনিৰ সাহায্য । কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ এই ধনৰাশি প্ৰদান কৰা হয়। এই আঁচনিৰ বাবদ বৰ্তমানলৈকে চৰকাৰে ১.৩৮ লাখ কোটি টকা চৰকাৰে ব্যয় কৰিছে। উল্লেখ্য যে

বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ক্ষুদ্ৰ কৃষকৰ বাবে প্ৰৱৰ্তন কৰা এই আঁচনিখনত প্ৰতি ৪ মাহৰ মূৰত কৃষকৰ বেংক একাউণ্টত ২০০০টকাকৈ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। বছৰি ক্ষুদ্ৰ কৃষকে চৰকাৰৰ পৰা প্ৰতি বছৰে ৬০০০টকাকৈ আৰ্থিক সাহায্য লাভ কৰিছিল। আজি কেন্দ্ৰীয় চৰকাৰে ১৯ হাজাৰ ৫০০ কোটি টকা মোকলাই দিয়ে।

You might also like