Your Voice, Our Strength

সদনত কিয় মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত হৈছিল তৰ্কাতৰ্কি…কি কৈছিল অখিল গগৈয়ে?

আজিৰ খবৰ, গুৱাহাটী, ১১ আগষ্ট : মুখ্যমন্ত্ৰীক উদ্দেশ্যে কৰি বিধায়ক অখিল গগৈয়ে ক”লে বিকল্প ৰাস্তা লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ৰৈ নাথাকিল বিধায়ক সকলক উদ্দেশ্যি কৈ গল বিকাশ উন্নয়নৰ কথা । কথাৰ মাজে মাজে অখিল গগৈয়ে কৰে প্ৰশ্নৰে কটাক্ষ । মুখ্যমন্ত্ৰীয়ে ও কৈ। গ’ল আপুনি মোৰ আসনত বহিলে ক’ব পাৰিব। সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কবলৈ পালেহে যে আপুনিয়েই একমাত্ৰ সৎ মানুহ । পলকতে লাগি গল হুলস্থুল । আৰম্ভ হ’ল মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত তীব্ৰ তৰ্কা-তৰ্কি । সদনত অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কয় যে,- ‘আপুনিতো ক’বই নোৱাৰে। আপোনাৰ বহু গণ্ডগোল আছে।’ লগে লগে বিধায়ক অখিল গগৈক উভতি ধৰে বিজেপিৰ সদস্যসকলে। অখিল গগৈক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে ক’লে বিধানসভাৰ বাহিৰত সন্মানীয় কোনো বিধায়কে টকা লোৱা বুলি কৈছে যেতিয়া চি বি আই তদন্ত হ’ব লাগে। লগে লগে অখিল গগৈৰ পৰা উত্তৰ আহিল তদন্ত হ’ব লাগে । মুখ্যমন্ত্ৰীয়ে ক’লে কোন সৎ GMCHৰ চিকিৎসক নাৰ্চৰ সন্মুখত কথা পাতিম। মুখ্যমন্ত্ৰীয়ে ক’লে আপুনিয়ে একমাত্ৰ ভাল মানুহ ৷ একমাত্ৰ মহাত্মা গান্ধী ৷ আপুনি পশ্চিমবংগৰহে ভাল দেখে ৷ ঢলা-শদিয়াৰ দলং কোনোবাই কোৱাৰ দৰে ২% কমিছন লোৱা সকলেই কিন্তু কৰিছিল ৷ অখিল গগৈ ক’লে কমিছন লৈয়ে আছে এতিয়াও। শেষত

মুখ্যমন্ত্ৰীয়ে ক’লে অহংকাৰেই কৰিলেই বিপদ ।আমি অহংকাৰৰ পৰা ৰক্ষা পৰিব লাগে। যোৱা পাঁচ বছৰত প্ৰতিটো সমষ্টিতে ৰাস্তাৰ কাম হৈছে।

P&C

You might also like