Your Voice, Our Strength

চাৰিলেন যুক্ত পথলৈ উন্নীত হ’ব ঐতিহাসিক ধোদৰ আলি

আজিৰ খবৰ,১২আগষ্ট : আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা ঐতিহাসিক ধোদৰ আলি হ’ব ‘চাৰিলেন যুক্ত পথ ।অসম মালা আঁচনি’ৰ অধীনত চাৰিলেন যুক্ত পথলৈ উন্নীতকৰণৰ সিদ্ধান্ত হাতত লৈছে অসম চৰকাৰে। এই কথা আজি সদনত উল্লেখ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ জয়পুৰৰ পৰা চৰাইদেউ , শিৱসাগৰ , যোৰহাট আৰু গোলাঘাট জিলাক সংলগ্ন কৰি কমাৰগাঁৱলৈকে ২১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ঐতিহাসিক পথচোৱা আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল যদিও বহু বছৰ ধৰি ঐতিহাসিক পথটো প্ৰায়েই বিধ্বস্ত হৈ পৰিছিল ।উত্তৰ পূৱৰ প্ৰায়বোৰ পথেই বিগত বছৰত উন্নীতকৰণ কৰা হৈছে যদিও এই বুৰঞ্জী প্ৰসিদ্ধ ধোদৰ আলি পথটো যেনেকৈ উন্নীতকৰণ হ’ব লাগিছিল তেনেকৈ ন’হল যাৰ বাবে বহু সময়ত পথটোৰ বিধ্বস্ত হৈ পৰাত ধৰ্ণা আন্দোলনো কৰিছিল বিভিন্ন দল সংগঠনে । অনুহতে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰকৃতি প্ৰেমী অপূৰ্ব বল্লভ গোস্বামীয়ে জিলাৰ উপায়ুক্ত বিভাস চন্দ্র মোডীৰ জৰিয়তে ঐতিহাসিক ধোদৰ আলিক চাৰিলেন যুক্ত পথলৈ উন্নীতকৰণৰ দাবী জনাই অসমৰ মুখ্যমন্ত্ৰীক এক স্মাৰক পত্র প্ৰেৰণ কৰিছিল। লগতে দাবী জনাইছিল যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কমাৰগাৱত স্বৰ্গদেউ গদাধৰ সিংহৰ প্ৰতিমূৰ্তিৰে এখন উদ্যান স্থাপন কৰিব লাগে। অৱশেষত অসম মালা আঁচনি’ৰ অধীনত চাৰিলেন যুক্ত পথলৈ উন্নীতকৰণৰ সিদ্ধান্ত হাতত লৈছে অসম চৰকাৰে । বুৰঞ্জী প্ৰসিদ্ধ এনে এটা পথৰ উন্নীতকৰণ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ বাবে মুখ্যমন্ত্রী গৰাকীৰ লগতে অসম চৰকাৰক বিভিন্নজনে আন্তৰিকতাৰে শলাগ লৈছে । এই পথচোৱাই  উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অৰুণাচল প্ৰদেশ , নগালেণ্ডৰ পৰিবহণ ব্যৱস্থাকো সংলগ্ন কৰিছে । এই ঐতিহাসিক সুচল হৈ পৰিলে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থিক দিশত এক যুগান্তকাৰী পদক্ষেপ হিচাপে চিহ্নিত হ’ব যে সেয়া নিশ্চিত ।

You might also like