
সাংবাদিক, কবি কুশল লাহনৰ প্রথমটো গীত ”নিয়ৰৰ কণা” মুকলি
আজিৰ খবৰ, গুৱাহাটী, ১৪ আগষ্ট : সাংবাদিক, কবি কুশল লাহনে লিখা প্রথমটো গীত শনিবাৰে মুকলি কৰা হয়। দিয়ান হাজৰিকাৰ সুৰ আৰু কন্ঠ আৰু হিৰকজ্যোতি নাথৰ সংগীতেৰে সজোৱা গুৱাহাটীৰ ৰাজগড়স্থিত ৰিকন হোটেলত মুক্তি লাভ কৰে “নিয়ৰৰ কণা” শীর্ষক এটি আধুনিক গীত । গীতটো মুকলি কৰি বিশিষ্ট সংগীত শিল্পী অনুপম শইকীয়াই কয় ‘কুশল লাহনৰ প্ৰচুৰ মানসিক শক্তি আছে। এটা সুন্দৰ গীত আজি আমাক উপহাৰ দিলে। উন্মোচনী সভাত
জ্যেষ্ঠ ফটো সাংবাদিক চিন্ময় ৰয়,জনপ্ৰিয় অভিনেত্ৰী সীমা বৰুৱা, অভিনেতা উজ্জ্বল বৰা উপস্থিত থাকি বক্তব্য আগবঢ়ায়। সাংবাদিক অনুপমা ডেকাই আঁতধৰা সভাখনৰ উদ্দেশ্য ব্যখ্যা কৰে সাংবাদিক ড০ কুশল কলিতাই। সভাত কুশল লাহনৰ মাতৃ দীপালি লাহন, ভাতৃ নিলোৎপল লাহনৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
