Your Voice, Our Strength

দ্বিতীয় পালিয়েই শেষ নহয় আৰম্ভ হ’ল কোভিডৰ তৃতীয় পালি ভেকচিন

আজিৰ খবৰ,১৪ আগষ্ট : কোভিড মহামাৰীয়য়ে সমগ্ৰ বিশ্বক কোঙা কৰি পেলোৱাৰ সময়তে গৱেষক সকলে প্ৰতিৰোধ হিচাপে উলিয়াইছিল ক’ভিশ্বিল্ড,ক’ভাক্সিং আদি কেইবাটাও ভেকচিন । ইয়াৰে ক’ভিশ্বিল্ড ভেকচিন অন্যতম। ।

প্ৰথমতে এই ভেকচিন দুটা। ড’জ লব লাগিব। বুলি। কোৱা হৈছিল যদিও কোভিডৰ ভয়াবহ প্ৰতি লক্ষ্য কৰি তিনিটা ড”জ লব লাগিব বুলি গৱেষক সকলে জানিবলৈ। দিছে। । ইতিমধ্যে ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ প্ৰায় ৭-৮হাজাৰ কৰ্মচাৰীক তৃতীয় ড’জ দিয়া হৈছে। ইফালে ক’ভিশ্বিল্ড ভেকচিনৰ দ্বিতীয় ড’জ লোৱাৰ ছমাহ পাছত তৃতীয় ড’জ লোৱাৰ পৰামৰ্শ দিছে ক’ভিশ্বিল্ডৰ প্ৰস্তুতকাৰক সংস্থা ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ চেয়াৰমেন ছাইৰাছ পুনাৱালিয়াই। পুনাৱালিয়াই কয় যে,ক’ভিশ্বিল্ড ভেকচিনৰ দুটা ড’জ লোৱাৰ মাজত উপযুক্ত ব্যৱধান দুমাহ হোৱা উচিত আৰু দ্বিতীয় ড’জ লোৱাৰ ছমাহ পাছত তৃতীয় ড’জ বা বুষ্টাৰ ড’জ দিব পৰা যায়। ক’ভিশ্বিল্ড ভেকচিন লোৱাৰ কিছু সময় পাছত এন্টিবডীৰ সংখ্যা কমিলেও ভেকচিন গ্ৰহণকাৰীৰ শৰীৰত ‘মেম’ৰি চেল’ থাক বুলি উল্লেখ কৰি পুনাৱালিয়াই কয়,’’ছমাহ পাছত এন্টিবডী কমি যায় আৰু তাৰ বাবেই মই তৃতীয় ড’জ ল’ব লাগে। উল্লেখ্য যে কেইবাখনো দেশে ইতিমধ্যে বুষ্টাৰ ড’জৰ অনুমতি দিয়াৰ কথা বিবেচনা কৰি আছে।

P&C

You might also like