Your Voice, Our Strength

তিতাবৰত উদযাপন ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন

আজিৰ খবৰ, তিতাবৰ, ১৫ আগষ্ট : সমগ্ৰ দেশৰ লগতে তিতাবৰ ৰাজীৱ গান্ধী ক্ৰিয়া প্রকল্পত দেওবাৰে উদযাপন কৰা হয় ৭৫ সংখ্যক স্বাধীনতা দিৱস ৷ মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় স্বাধীনতা দিৱস৷ সেই উপলক্ষে তিতাবৰৰ মহকুমাধিপতিয়ে উত্তোলন কৰে পতাকা উত্তোলন । ক’ভিড মহামাৰীৰ বাবে বিগত বৰ্ষসমূহৰ দৰে এইবাৰ শিক্ষানুষ্ঠানসমূহে অংশগ্ৰহণ কৰা নাই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৷ তিতাবৰ আৰক্ষী,তৃতীয় অসম আৰক্ষী বাহিনীৰ লগতে এন চি চিয়ে অংশগ্ৰহন কৰা স্বাধীনতা দিৱসত কোভিড প্ৰটোকল ৰক্ষা কৰি উদযাপন কৰা আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস ।অন্যহাতে তিতাবৰৰ তৃতীয় অসম আৰক্ষী বাহিনী কাৰ্য্যালয়ৰ পেৰেড গ্ৰাউন্ডত পৃথক ভাবে উদযাপন কৰে স্বাধীনতা দিৱস । এইবাৰ কোভিড পৰিস্থিতিৰ বাবে একেবাৰে অনুস্থূপিয়াকৈ উদযাপন কৰাৰ লগতে তৃতীয় অসম আৰক্ষী বাহিনীৰ নতুনকৈ নিৰ্মাণ কৰা মুখ্যদ্বাৰখনো আজি দিনটোতেই শুভ উদ্বোধন কৰা হয় । ইফালে তিতাবৰ বিভিন্ন স্থানত নগণ্য সংখ্যক ৰাইজৰ উপস্থিতিত উদযাপন কৰা হয় স্বাধীনতা দিৱস । পশ্চিম তিতাবৰৰ ভগনীয়া গাঁৱৰ উদীয়মান যুৱ সংঘটো কোভিড প্ৰটোকল ৰক্ষা কৰি সংঘৰ যুৱক সকলে উদযাপন কৰে ৭৫ সংখ্যক স্বাধীনতা দিৱস । আজিৰ এই পবিত্ৰ দিনটোতেই ৰাষ্ট্ৰৰ – দেশৰ লগতে নিজৰ অঞ্চলটোৰ উন্নতিৰ বাবে ভাল কাম কৰাৰ লক্ষ কৰি ত্ৰিৰংগা পতাকাৰ তলত থিয় হৈ উদীয়মান যুৱক সংঘৰ যুৱক সকলে আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰে ।

P&C
You might also like