Your Voice, Our Strength

লাভলীনালৈ উত্তৰ-প্ৰদেশ চৰকাৰৰ ১ কোটি টকা উপহাৰ

আজিৰ খবৰ,১৭ আগষ্ট : ট’কিঅ’ অলিম্পিকত পদক বিজয়ীলৈ উত্তৰ-প্ৰদেশ চৰকাৰে আগবঢ়াইছে আকৰ্ষণীয় উপহাৰ৷ অলিম্পিকৰ পদকজয়ী আটাইকেইজন খেলুৱৈৰ লগতে অসমৰ প্ৰথমগৰাকী অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহাইলৈও উত্তৰ-প্ৰদেশ চৰকাৰে আগবঢ়াইছে ১ কোটি টকা । এই উপহাৰ আৰু সম্বৰ্ধৰ্ণা ১৯ আগষ্টত উত্তৰ-প্ৰদেশ চৰকাৰে আগবঢ়াব বুলি ঘোষণা কৰিছে । অলিম্পিকত স্বৰ্ণজয়ী নীৰজ চোপ্ৰাক দিব ২ কোটি টকা৷ ৰূপৰ পদক বিজয়ী মীৰাবাঈ আৰু ৰবি দাহিয়াক দিব ১.৫০ কোটি টকা৷ব্ৰঞ্জজয়ী ৪গৰাকী খেলুৱৈক দিব ১ কোটিকৈ টকা৷১৯ আগষ্টত আনুষ্ঠানিকভাৱে উত্তৰ-প্ৰদেশ চৰকাৰে প্ৰদান কৰিব এই ধন৷

 

P&C
You might also like