Your Voice, Our Strength

গুৱাহাটী যাম বুলি ভাবিছে নেকি ? এতিয়াই যোৱাৰ কথা ভুলটো নাভাবিব ! জানি লওক সবিশেষ

আজিৰ খবৰ, গুৱাহাটী, ১৭ আগষ্ট : আন্তঃজিলা খুলিল । হয়তো আপুনি ভাবিছে খুলিলেই যেতিয়া গুৱাহাটীৰ পৰা আহোঁ । পিছে এতিয়াই গুৱাহাটীৰ অহাৰ কথা কেতিয়াও নাভাবিব । আহিলেই বিপদত পৰিব । যদি কোনো বিশেষ জৰুৰী কাম নাই, তেন্তে এই সপ্তাহত গুৱাহাটীলৈ অহাৰ কথা একেবাৰেই চিন্তা নকৰিব ।। ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত জাৰি কৰিছে নিষেধাজ্ঞা। ৰাজ্য চৰকাৰে জাৰি কৰা নতুন এছ অ পি অনুসৰি,আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাত শিথিলতাৰ ব্যৱস্থা কৰা হৈছে। নিজৰ ব্যক্তিগত বাহনেৰে এখন জিলাৰ পৰা আনএখন জিলালৈ যাব পাৰিব আপুনি। কিন্তু এই নিয়ম প্ৰযোজ্য নহ’ব কামৰূপ (মহানগৰ) জিলাৰ ক্ষেত্ৰত। শেহতীয়া কোভিড পৰিস্থিতিলৈ লক্ষ্য ৰাখি কামৰূপ (মহানগৰ) জিলাৰ পৰা অন্য জিলালৈ আৰু আন জিলাৰ পৰা কামৰূপ (মহানগৰ) জিলালৈ আহ-যাহত নিষেধাজ্ঞা বাহাল থাকিব। সেইদৰে দৈনিক যুগ্ম-অযুগ্ম সংখ্যাৰ (Odd-Even Numbers) বাহন চলাচলৰ নিয়মো বাতিল কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ বাদে আন জিলাত অন্তঃ জিলা যাতায়াত উপলব্ধ হব যদিও  ৰাজহুৱা পৰিবহন, যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব নিষেধাজ্ঞা।

অৱশ্যে স্বাস্থ্যজনিত কাৰণ বা আন জৰুৰী কামৰ বাবে নিৰ্দিষ্ট অনুমতি পত্ৰ গ্ৰহণ কৰি গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা অহা-যোৱা কৰিব পাৰিব।

P&C
You might also like