Your Voice, Our Strength

২১ আগষ্টত অসমলৈ পাবহি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

আদৰিবলৈ বৰঝাৰ বিমান বন্দৰত ব্যাপক প্ৰস্তুতি।

আজিৰ খবৰ , গুৱাহাটী, ২০ আগষ্ট : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ কেবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱাল কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছত কাইলৈ অৰ্থাৎ ২১ আগষ্টত অসমত আহি উপস্থিত হব । আনহাতে সৰ্বানন্দ সোনোৱালক আদৰিবলৈ ৰাজ্যিক বিজেপি দল আৰু চৰকাৰে আদৰিবলৈ বৰঝাৰ বিমান বন্দৰত ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । জানিব পৰা মতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল পুৱা ৯.৪৫ বজাত নতুন দিল্লীৰ পৰা আহি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হব । বিমান বন্দৰতে অলিপিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোঁহাইৰ দৰে আদৰি সম্বৰ্ধনা জনোৱাৰ বাবে এখন মঞ্চ নিৰ্মাণ কৰা হৈছে । সমান্তৰালভাৱে বিমান বন্দৰৰ পৰা সমগ্ৰ পথছোৱাৰ দুয়োফালে বিজেপিৰ দলীয় পতাকা আৰু সৰ্বানন্দ সোনোৱালৰ ফটো সম্বলিত কেবাটাও কাট আউট স্থাপন কৰা হৈছে । আনহাতে আজি বিয়লি অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা , বিজেপি নেতা জয়ন্ত দাসকে ধৰি কেবাজনো নেতা , মহানগৰ আৰক্ষীৰ গুৱাহাটী পশ্চিম জিলাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত সুভাশীষ বৰুৱা , আজাৰা সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত নন্দিনী কাকতি , বৰঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কলিতাই বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ সৰ্বানন্দ সোনোৱালক আদৰণি জনোৱা পৰিস্থিতিৰ বুজ লয় । আনকি মন্ত্ৰী বিমল বৰাই চৰকাৰী আৰু দলীয় পৰ্যায়ত কিদৰে সোনোৱালক কিদৰে আদৰা হব তাৰ পৰ্যালোচনা কৰে । জানিব পৰা মতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেবাজনো মন্ত্ৰী , বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি কেবাজনো দলীয় নেতাই বিমান বন্দৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক আদৰণি জনাব । তাৰ পাছত তেওঁক সমদল কৰি গুৱাহাটীলৈ অনা হব । ইফালে দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথম বাৰৰ বাবে অসমলৈ আহিব লগীয়া সৰ্বানন্দ সোনোৱালৰ নিৰাপত্তা ব্যৱস্থাত যাতে খুঁত নাথাকে তাৰ বাবে মহানগৰ আৰক্ষীয়ে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে ।

 

P&C
You might also like