Your Voice, Our Strength

অসমবাসীৰ বাবে ভাল খবৰ। অসমৰ দুগৰাকী শিক্ষকলৈ “ভাৰতৰ শ্ৰেষ্ঠ শিক্ষক ” বঁটা।

আজিৰ খবৰ ,২০ আগষ্ট : ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ দুগৰাকীকৈ শিক্ষক ৷দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ ৪৪ গৰাকী শিক্ষকৰ ভিতৰত অসমৰ যোৰহাট জিলাৰ টীয়কৰ বামুনপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক কংকণ কিশোৰ দত্ত আৰু ৰঙিয়াৰ কাউৰবাহা দেউলকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিনন্দ স্বৰ্গীয়াৰীলৈ ভাৰত চৰকাৰৰ শিক্ষা বিভাগে আগবঢ়াইছে ২০২১ বৰ্ষৰ ভাৰতৰ ‘শ্ৰেষ্ঠ শিক্ষক বঁটা’ । যোৰহাট টিয়কৰ কংকন কিশোৰ দত্তই ইতিমধ্যে গৱেষণা কৰি নাছাৰ ৱেবছাইটতো নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। শিক্ষক কংকন কিশোৰ দত্তৰ নাম ৰাষ্ট্ৰৰ অন্যতম শ্ৰেষ্ঠ শিক্ষক হিচাপে ঘোষণা হোৱাৰ লগে লগেই টীয়কৰ শৈক্ষিক আৰু বৌদ্ধিক সমাজত আনন্দৰ লহৰ উঠা পৰিলক্ষিত হৈছে ৷ অন্যহাতে সুদীৰ্ঘ ২৫ বছৰে শিক্ষকতা কৰি অহা শিক্ষক বিনন্দ স্বৰ্গীয়াৰীয়ে ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে বড়ো ভাষাত কিতাপো লিখি উলিয়াইছে । ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ৰাজ্যৰ দুই শিক্ষকৰ সফলতাত অভিনন্দন আৰু শুভেচ্ছা জনাইছে ৷ আগন্তুক ৫ ছেপ্তেম্বৰ অৰ্থাৎ শিক্ষক দিৱসৰ দিনা ২০২০-২১ বৰ্ষৰ দিনটোত নিৰ্বাচিত দেশৰ ৪৪গৰাকী শিক্ষকৰ লগতে অসমৰ এই দুয়োগৰাকী শিক্ষকক সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে ।

P&C
You might also like