Your Voice, Our Strength

এফালে আর্শীবাদ যাত্রা আনফালে ক’ভিডক লৈ স্বাস্থ্য মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

আজিৰ খবৰ, গুৱাহাটী, ২১ আগষ্ট : প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে স প্ৰথমবাৰ ৰাজ্যত ভৰি দিয়াৰ লগে লগে  আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে আশীৰ্বাদ যাত্ৰা। এফালে বিজেপিৰ আশীৰ্বাদ যাত্ৰাৰ সমান্তৰাল ভাৱে একে সময়তে গুৱাহাটী মহানগৰীৰ ক’ভিড পৰিস্থিতিকলৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। শনিবাৰে কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি গুৱাহাটী মহানগৰীত ক’ভিড নিয়ন্ত্ৰণৰ বাবে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰে সংবাদ মেলত স্বাস্থ্যমন্ত্ৰীয়ে গুৱাহাটীত ক’ভিড  ভেকচিন নোলোৱা সকলৰ তালিকা প্ৰস্তুত কৰিব বুলি উল্লেখ কৰে । মন্ত্ৰী গৰাকীয়ে জনায় যে আজিৰে পৰা ৩ দিন ধৰি চলিব এই প্ৰক্ৰিয়া।১২০৪টা ভোট কেন্দ্ৰৰ পৰা ভোটাৰৰ তালিকা সংগ্ৰহ কৰিব।২৫ ৰ পৰা ৩১ আগষ্টৰ ভিতৰত গুৱাহাটী মহানগৰীত ক’ভিড ভেকচিন দিয়া কাম সম্পন্ন কৰা হ’ব। 8929103776 নম্বৰত মিছ কল দিলে ওচৰৰ কেন্দ্ৰত লাভ কৰিব ভেকচিন। এই সমগ্ৰ দায়িত্বত থাকিব কামৰূপ মেট্ৰৰ উপায়ুক্ত। অন্যহাতে শ্বপিং ম’ল বা সকলো ব্যৱসায়ীক প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰাটো হ’ব বাধ্যতামূলক । অন্যথা চৰকাৰ কঠোৰ হ’বলৈ বাধ্য হ’ব চৰকাৰ তথা প্ৰশাসন।

You might also like