Your Voice, Our Strength

এদেও দুদেও লোটা নিয়া ছেও ধৰিছে নেকি তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই : বিজেপিলৈ যাব নেকি ভাস্কৰজ্যোতি বৰুৱা । পুনৰ চৰ্চালৈ আহিছে তিতাবৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা

কংগ্ৰেছৰ পৰা বিজেপিলৈ লাহে লাহে আগবাঢ়িছে নেকি ভাস্কৰ জ্যোতি বৰুৱা ?

আজিৰ খবৰ ২৩আগষ্ট : পুনৰ চৰ্চালৈ আহিছে তিতাবৰৰ কংগ্ৰেছ দলৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা । আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ যোৰহাটৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা দেখা গল তিতাবৰৰ কংগ্রেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱাক । যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশেষ অনুষ্ঠানত মঞ্চত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে একেলগে দেখা গল তিতাবৰৰ বিধায়কগৰাকীক । বহুতৰে মনত বৰ্তমান প্ৰশ্ন উঠিছে যে কংগ্রেছী বিধায়কগৰাকীয়ে অচিৰেই বিজেপিত যোগদান কৰিব নেকি ! এই সন্দৰ্ভত তিতাবৰৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতাই কয় বিজেপিত যোগদান কৰে নকৰে সেইবিষয়ে নাজানো যদিও কংগ্ৰেছ দলৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই বিজেপিৰ কাৰ্য ক্ৰমণিকাৰ প্ৰতি যে আকৃষ্ট হৈছে,বিজেপিৰ প্ৰতি যে এটা ভাল ভাৱ লাহে লাহে জাগিছে নিশ্চয় আজিৰ তেওঁৰ উপস্থিতিয়ে সেই কথা প্ৰমাণিত কৰিছে । যদিহে ভাস্কৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰে আমি তেওঁক সাদৰে স্বাগতম জনাম বুলি মন্তব্য কৰে তিতাবৰৰ একালৰ বিধায়ক হেমন্ত কলিতাই । অন্যহাতে সোনোৱালৰ আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি চৰ্চালৈ অহা কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই
বিজেপিলৈ নাযায় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
উল্লেখ্য যে উজনি অসমৰ মাত্ৰ দুই সমষ্টি আছেগৈ কংগ্ৰেছৰ দখলত। ইয়াৰে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাই অংশগ্ৰহণ কৰিছে সোণোৱালৰ আশীৰ্বাদ যাত্ৰাত। বিজেপিৰ আৰ্শীবাদ যাত্ৰাত অংশ গ্ৰহণ কৰাৰে পাছতে ৰাজ্যৰ ৰাজনৈতিক মহলত এতিয়া চৰ্চা চলিছে যে বিজেপিলৈ যাব নেকি তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱা।
তেনে সময়তে স্থিতি স্পষ্ট কৰিলে তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই । বিধায়ক গৰাকীয়ে কয় তিতাবৰৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আশা সপোন আৰু দলৰ আস্থা বিশ্বাস সদায় মন মগজুত সোমায় আছে । কংগ্ৰেছ তেওঁৰ আত্মাত বিৰাজমান বুলি উল্লেখ কৰি কোনো কাৰণতে কংগ্ৰেছ দল ত্যাগ নকৰে বুলি উল্লেখ কৰিলে বিধায়ক গৰাকীয়ে। জনতাৰ স্বাৰ্থত কেন্দ্ৰিয় মন্ত্ৰীক সাক্ষাৎ কৰা বুলি উল্লেখ কৰিলে বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই ।

You might also like