![](https://azirkhobor.com/wp-content/uploads/2021/09/new-covid-sop-750x400.jpg)
নতুন এছ অ পি : মুকলি হ’ল আন্তঃ জিলা যাতায়ত : ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহনত অনুমতি।
আজিৰ খবৰ, গুৱাহাটী, ১ছেপ্টেম্বৰ : বুধবাৰে ঘোষণা কৰা হল নতুন এছ অ পি । নতুন এছ অ পি অনুসৰি ৰাজ্যত ক’ভিড পৰিস্থিতি উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড প্ৰতিবন্ধকতা আৰু সান্ধ্য আইনৰ লগতে প্ৰায় ক্ষেত্ৰতে অধিক শিথিলতা অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। প্ৰায় এটা বছৰ ধৰি বন্ধ হৈ থকা আন্তঃজিলা যাতায়ত ব্যৱস্থাক কেতবোৰ চৰ্তসাপেক্ষে ৰাজ্যৰ সকলো জিলা সামৰি আন্তঃ জিলা যাতায়ত মুকলি কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ।আন্তঃ জিলা আৰু অন্তঃ জিলা যাতায়তৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাছ আদিত ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহনত অনুমতি প্ৰদান কৰিছে । কিন্তু কোনো যাত্ৰী পৰিবাহী বাহনেই আসন সংখ্যাৰ অতিৰিক্ত ভাৱে থিয় কৰি যাত্ৰী নিব নোৱাৰিব। যাত্ৰী থিয় কৰি নিয়া বাহন ধৰা পৰিলে, তেনে বাহন আৰু থিয় হৈ যোৱা যাত্ৰীৰ ওপৰত বৰ্ধিত হাৰত জৰিমণা বিহাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন বাতিল কৰা হ’ব। কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে আন্তঃ জিলা আৰু অন্তঃ জিলা যাতায়ত কৰিব পাৰিব। যাতায়াতৰ সময়ত মাস্ক বাধ্যতামূলক ভাবে পৰিধান কৰিব লাগিব । ক’ভিড সম্পৰ্কীয় নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি) আজি অৰ্থাৎ ১ চেপ্তেম্বৰ ২০২১ৰ আগবেলা ১১.০০ বজাৰ পৰাই কাৰ্যকৰী হ’ব ।