Your Voice, Our Strength

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৰাজীৱ গান্ধীৰ নাম বাদ দিয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়া।

গৌৰৱ গগৈয়ে কৰা মন্তব্য সন্দৰ্ভ কি কলে পবিত্ৰ মাৰ্ঘেৰিটাই...

আজিৰ খবৰ, গুৱাহাটী, ২ ছেপ্টেম্বৰ : আদিবাসী আৰু চাহ জনগোষ্ঠীৰ দাবীৰ প্রতি সন্মান জনাই কেবিনেটে ৰাজীৱ গান্ধী ৰাষ্ট্রীয় উদ্যানৰ নাম ওৰাং ৰাষ্ট্রীয় উদ্যান হিচাপে নামকৰণৰ সিদ্ধান্ত গ্রহণ কৰাৰ পাছতে কংগ্ৰেছ দলৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া । কংগ্ৰেছ চৰকাৰ হলে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান হিচাপে পুনৰ নামাকৰণ কৰা হব বুলি সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্য কৰিছিল । গৌৰৱ গগৈয়ে কৰা মন্তব্য সন্দৰ্ভ বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় দেশৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম বিশিষ্ট ব্যক্তি সকলৰ নামত নামাকাৰণ কৰা হয় কিন্তু দেশৰ সকলো অনুষ্ঠান প্ৰতিস্থান এটা পৰিয়ালৰ নামত হোৱাটো কোনোও নিবিচাৰে। যি দৰে ৰাজীৱ গান্ধী তাজমহল, ছোনীয়া গান্ধী কুটুব মিনাৰ হোৱাতো কংগ্ৰেছ দলে নিবিচাৰে ঠিক একেদৰে ৰাজীৱ গান্ধীৰ নামত ওৰাং, কাজিৰঙা, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নামাকৰণ কৰাতো অসমৰ ৰাইজে নিবিচাৰে। উল্লেখ্য যে ওৰাং ৰাষ্ট্রীয় উদ্যানৰ নাম পূর্বৰ কংগ্ৰেছ চৰকাৰে ৰাজীৱ গান্ধী উদ্যানলৈ পৰিৱর্তন কৰিছিল৷ মাঘেৰিটাই লগতে কয় অসমত আৰু কংগ্ৰেছৰ চৰকাৰ নহয়। তেওঁ তৰুণ গগৈৰ পুত্ৰ হোৱা বাবে ৰাজনীতিত আছে। অসমৰ ৰাইজে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি নিবিচাৰে। তেওঁ আচলতে কলিয়াবৰ সাংসদ নহয় ধিং আৰু ৰূপহী ঘাটৰ হে সাংসদ। প্ৰকৃততে তেওঁ সেই অঞ্চলৰ ভোট লৈ জয়ী হৈছিল বুলি গৌৰৱ গগৈক কটাক্ষ কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৰাজীৱ গান্ধীৰ নাম বাদ দিয়াক এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পবিত্ৰ মাঘেৰিটাই ।

P&C
You might also like